বিশ্বৰ সকলো দেশেই সামৰিক সামৰ্থ আৰু শক্তি বৃদ্ধিত ব্যস্ত । আজি বিশ্বৰ প্ৰতিটো কোণত বহু দেশে নিজৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে নতুনকৈ ক্ষেপণাস্ত্ৰ, ড্ৰোন, টেংক, কামান নিৰ্মাণ কৰি আছে । এনে পৰিস্থিতিত সামৰিক শক্তিৰ ক্ষেত্ৰত তালিকাখন সলনি হৈ আছে । গতিকে এনে পৰিস্থিতিত সেই ১০ খন শক্তিশালী দেশৰ বিষয়ে জানক-
আমেৰিকা বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ-
বিশ্বৰ ১০খন শক্তিশালী দেশৰ তালিকাত প্ৰথম স্থানত আছে আমেৰিকা । আমেৰিকান সেনাবাহিনী সমগ্ৰ বিশ্বতে বিয়পি আছে, যাৰ সামৰিক ঘাটিও বিশ্বৰ বহু দেশত নিৰ্মাণ কৰা হৈছে । আমেৰিকাৰ সামৰিক ব্যয় প্ৰায় ৮৭৬ বিলিয়ন ডলাৰ । যি বিশ্বৰ সকলো দেশৰ সামৰিক ব্যয়ৰ ক্ষেত্ৰত সৰ্বাধিক ।
আমেৰিকাৰ পিছতে ৰাছিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম শক্তি-
আমেৰিকাৰ পিছতে ৰাছিয়াত বিশ্বৰ দ্বিতীয় শক্তিশালী সেনাবাহিনী আছে । ৰাছিয়াৰ বাৰ্ষিক সামৰিক ব্যয় প্ৰায় ৮৬.৩ বিলিয়ন ডলাৰ । বিশ্বৰ ভিতৰতে সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ ৰাছিয়াৰ হাতত আছে ।
বিশ্বৰ ভিতৰতে চীনৰ তৃতীয় শক্তিশালী সেনাবাহিনী-
ৰাছিয়াৰ পিছতে চীনে বিশ্বৰ তৃতীয় শক্তিশালী সেনা হিচাপে আত্মপ্ৰকাশ কৰিছে । চীনৰ সামৰিক ব্যয় প্ৰায় ২৯২ বিলিয়ন ডলাৰ । চীনত ৩,১৬৬খন যুদ্ধ বিমান আৰু ৪,৯৫০খন টেংক আছে, যাৰ ফলত চীন শক্তিশালী হৈ পৰিছে ।
ভাৰত বিশ্বৰ চতুৰ্থ শক্তিশালী দেশ-
ভাৰতৰ স্থান বিশ্বৰ শক্তিশালী দেশসমূহৰ ভিতৰত চতুৰ্থত আছে । ভাৰতৰ সামৰিক ব্যয় প্ৰায় ৮১.৩ বিলিয়ন ডলাৰ । দেশৰ স্বাধীনতাৰ পিছৰে পৰা ভাৰতে সামৰিক শক্তি প্ৰচণ্ডভাৱে বৃদ্ধি কৰিছে । একে সময়তে ভাৰতে যোৱা দশকত সামৰিক সামৰ্থ্য বহু পৰিমাণে বৃদ্ধি কৰিছে ।
এই তালিকাত পঞ্চম স্থানত আছে দক্ষিণ কোৰিয়া-
দক্ষিণ কোৰিয়াই বিশ্বৰ শক্তিশালী দেশৰ তালিকাত পঞ্চম স্থান দখল কৰিছে । দক্ষিণ কোৰিয়াই নিজৰ সামৰিক বাহিনীত বছৰি ৪৬.৪ বিলিয়ন ডলাৰ ব্যয় কৰে ।
যুক্তৰাজ্য বিশ্বৰ ষষ্ঠ শক্তিশালী দেশ-
এই তালিকাত ব্ৰিটেইনক বিশ্বৰ ষষ্ঠ শক্তিশালী দেশ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । ব্ৰিটেইনে বছৰি ৬৮.৫ বিলিয়ন ডলাৰ নিজৰ সামৰিক শক্তিত ব্যয় কৰে । ব্ৰিটেইনত বৃহৎ সংখ্যক বিমানবাহী জাহাজ, যুদ্ধজাহাজ আৰু যুদ্ধ বিমান আছে ।
বিশ্বৰ সপ্তম শক্তিশালী দেশ জাপান-
জাপান এছিয়াত তৃতীয় আৰু বিশ্বৰ শক্তিশালী দেশৰ তালিকাত সপ্তম স্থানত আছে । এই দেশখনে প্ৰতি বছৰে ৪৬ বিলিয়ন ডলাৰ নিজৰ সেনাবাহিনীৰ বাবে ব্যয় কৰে । যোৱা কেইবছৰমানৰ পৰা জাপানে নিজৰ সামৰিক সামৰ্থ্য সম্প্ৰসাৰণ কৰিছে ।
শক্তিশালী দেশসমূহৰ ভিতৰত তুৰ্কী অষ্টম স্থানত আছে-
বিশ্বৰ শক্তিশালী দেশসমূহৰ ভিতৰত তুৰ্কী অষ্টম স্থানত আছে । তুৰ্কীৰ সামৰিক ব্যয় প্ৰায় ১০.৬ বিলিয়ন ডলাৰ । সামৰিক ড্ৰ’নৰ ক্ষেত্ৰত যোৱা কেইবছৰমানৰ পৰা তুৰ্কীয়ে ভাল নাম অৰ্জন কৰিছে ।
বিশ্বৰ আটাইতকৈ শক্তিশালী সেনাবাহিনীৰ ভিতৰত পাকিস্তানৰ স্থান নৱম-
পাকিস্তান বিশ্বৰ নৱম শক্তিশালী দেশ । পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সামৰিক সামৰ্থ্য বৃদ্ধি কৰিছে ।
এই তালিকাত দশম স্থান দখল কৰিছে ইটালীয়ে-
বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ হিচাপে ইউৰোপীয় দেশ ইটালীয়ে সামৰিক শক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দশম স্থানত আছে । যাৰ বাৰ্ষিক সামৰিক ব্যয় ৩৩.৫ বিলিয়ন ডলাৰ ।