কংগ্ৰেছৰ সাধাৰণ সম্পাদক শচীন পাইলটে শুক্ৰবাৰে এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে।তেওঁ মহাৰাষ্ট্ৰত মহা বিকাশ আঘাড়ী ৰ বিজয় হ’ব বুলি আত্মবিশ্বাসী হৈ আছে।
তেওঁ কয় যে “সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত মিত্ৰজোঁটৰ অংশীদাৰসকলে মুখ্যমন্ত্ৰী পদৰ বিষয়ে সিদ্ধান্ত ল’বলৈ বেছি সময় নালাগিব।কাক কোনটো পদ দিব লাগে সেই সিদ্ধান্তত এদিনতকৈ বেছি সময় নালাগিব”।
দৰাচলতে দলটোৱে মাৰাঠৱাড়া অঞ্চলৰ দায়িত্ব দিয়া পাইলটে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু উপনিৰ্বাচনী সমষ্টিত ব্যাপক প্ৰচাৰ চলাইছিল।
কংগ্ৰেছৰ নেতা গৰাকীয়ে লগতে কয় যে “মহাৰাষ্ট্ৰত পৰিৱৰ্তনৰ বাবে ভোটাৰসকলৰ মাজত স্পষ্ট আকাংক্ষা আছে কিয়নো চলি থকা ‘ডাবল ইঞ্জিন’ চৰকাৰে তেওঁলোকৰ কোনো প্ৰত্যাশা পূৰণ কৰা নাছিল”।
“আমি যি ধৰণৰ প্ৰচাৰ চলাইছিলো, আমি যি ধৰণৰ গেৰাণ্টি দিছিলো, আমাৰ মিত্ৰজোঁটৰ অংশীদাৰ, প্ৰাৰ্থী বাছনি কৰা, আমাৰ বিবৃতি ইতিবাচক আছিল আৰু ভাল সঁহাৰি পোৱা গৈছিল”।
“গতিকে মই ভাবো আমি মহাৰাষ্ট্ৰত চৰকাৰৰ পৰিৱৰ্তন দেখিম” । পাইলটে বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুঠ ৫৫ খন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল।
তেওঁ লগতে কয় যে “ঝাৰখণ্ডত এজন মুখ্যমন্ত্ৰীক নিৰ্দিষ্ট কাৰণত কাৰাগাৰত ৰখা হৈছিল আৰু অৱশেষত তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছিল”।
তেওঁ কৈছিল যে “কেন্দ্ৰীয় সংস্থাসমূহৰ এনে অপব্যৱহাৰ ৰাজ্যখনৰ ভোটাৰসকলৰে ভাল পোৱা নাই।ঝাৰখণ্ডত বিজেপিৰ কোনো বিশ্বাসযোগ্য মুখ নাই।মই ভাবো দুয়োখন ৰাজ্যৰ বিৰোধী দলবোৰে চৰকাৰ গঠন কৰিবলৈ ভাল স্থিতিত আছে”।