ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহাকাশ যাত্ৰী !
বিশাখাপট্টনমৰ এগৰাকী যুৱতীয়ে এতিয়া এনেকুৱা এটা কাম কৰিবলৈ ওলাইছে যিটো আজিলৈকে ভাৰতত অতি কম সংখ্যক লোকেহে কৰিবলৈ সক্ষম হৈছে । জাহ্নৱী ডাংগেতি নামৰ এই ২৩ বছৰীয়া যুৱতীগৰাকীক টাইটানছ স্পেচ নামৰ এটা বৃহৎ মহাকাশ কোম্পানীয়ে নিজৰ মহাকাশ অভিযানৰ বাবে বাছনি কৰিছে । ২০২৯ চনত হ’বলগীয়া EarthLoop Orbital Cruise অভিযানত জাহ্নৱীয়ে প্ৰকৃত মহাকাশ যাত্ৰীৰ দৰে পৃথিৱীৰ কক্ষপথত গৈ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড চাব ।
ৰকেটেৰে নহয় বিমানেৰে উৰণ !
এই অভিযানৰ বিশেষ কথাটো হ’ল মহাকাশযানখন ৰকেটৰ দৰে নহয় বিমানৰ দৰে উৰিব । অৰ্থাৎ কোনো ষ্টেজ পৃথক নহ’ব, ৰকেটৰ শব্দও নহ’ব । সকলো ঠিক চিনেমাৰ দৰে হ’ব কিন্তু বাস্তৱত । এই অভিযানৰে অংশ হ’ব ভাৰতৰ জাহ্নৱী ।
কি হয় EarthLoop মিছন ?
এই অভিযানৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে কাৰণ এইবাৰ প্ৰথমবাৰৰ বাবে মানুহে সাধাৰণ বিমানৰ দৰে মহাকাশলৈ যাব । টাইটানছ স্পেচ নামৰ এটা কোম্পানীয়ে টাইটানছ জেনেছিছ নামৰ এক বিশেষ ধৰণৰ মহাকাশ বিমান নিৰ্মাণ কৰিছে । এই বিমানখনে ৰাণৱেৰ পৰা উৰা মাৰি পৃথিৱীৰ পৰা ৩০০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত উপনীত হ’ব । তাত যাত্ৰীসকলে পৃথিৱীখন ঘূৰি থকা দেখিব আৰু শূন্য মাধ্যাকৰ্ষণ অৰ্থাৎ ওজনহীন পৰিৱেশৰ অভিজ্ঞতা লাভ কৰিব ।
এই অভিযানৰ নেতৃত্ব দিব এজন অভিজ্ঞ আমেৰিকান মহাকাশচাৰী উইলিয়াম মেকআৰ্থাৰ জুনিয়ৰে, যিয়ে নাছাৰ বাবেও কাম কৰি আহিছে ।
কোন হয় জাহ্নৱী ডাংগেতি ?
জাহ্নৱীৰ শৈশৱ আনৰ দৰেই স্বাভাৱিক আছিল । আন শিশুৰ দৰে তেওঁৱো স্কুললৈ গৈছিল, খেলিছিল, সপোন দেখিছিল । কিন্তু পাৰ্থক্যটো আছিল যে জাহ্নৱীয়ে আকাশৰ তৰা আৰু চন্দ্ৰক ভাল পাইছিল । তেওঁৰ আইতাকে প্ৰতি নিশাই তেওঁক তৰাৰ কাহিনী কৈছিল । হয়তো তাৰ পৰাই আৰম্ভ হৈছিল জাহ্নৱীৰ মহাকাশৰ সপোন ।
নাছাৰ আন্তঃৰাষ্ট্ৰীয় বায়ু আৰু মহাকাশ কাৰ্যসূচীত যোগদান কৰা প্ৰথমগৰাকী ভাৰতীয় যুৱতী জাহ্নৱী । আমেৰিকা, পোলেণ্ড আৰু আইচলেণ্ডৰ কেনেডি স্পেচ চেণ্টাৰৰ দৰে ঠাইত উন্নত প্ৰশিক্ষণ লৈছে তেওঁ । পানীৰ তলত ৰকেট নিক্ষেপ কৰাৰ পৰা আৰম্ভ কৰি শূন্য মাধ্যাকৰ্ষণ শক্তিত উৰণলৈকে তেওঁৰ সকলো ধৰণৰ অভিজ্ঞতা আছে ।
২০২৬ চনৰ পৰা আৰম্ভ হ’ব প্ৰকৃত প্ৰশিক্ষণ-
জাহ্নৱীৰ প্ৰকৃত প্ৰস্তুতি আৰম্ভ হ’বলৈ গৈ আছে । ২০২৬ চনৰ পৰা মহাকাশ যাত্ৰী হ’বলৈ সম্পূৰ্ণ প্ৰশিক্ষণ লাভ কৰিব তেওঁ । ইয়াত তেওঁক মহাকাশযানখনে কেনেকৈ কাম কৰে, মিছন কেনেকৈ চলাব লাগে আৰু তাত মানসিক চাপ কেনেকৈ সহ্য কৰিব লাগে- এই সকলোবোৰ শিকোৱা হ’ব ।
এই প্ৰশিক্ষণত তেওঁ শূন্য মাধ্যাকৰ্ষণ শক্তিৰ উৰণৰ বাবে প্ৰস্তুতি চলাব, মহাকাশ চুট পিন্ধিব, ৰকেট ব্যৱস্থা বুজিব আৰু আনকি মহাকাশত হ’ব পৰা জৰুৰীকালীন পৰিস্থিতিও চম্ভালিব ।
লগতে পঢ়ক : নাছাই পুনৰ পিছুৱালে Axiom-4 মিছনৰ উৎক্ষেপণ; সোনকালেই ঘোষণা কৰা হ’ব নতুন তাৰিখ