আজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ ২০ সংখ্যক মেচত মুখামুখি হ’ব শক্তিশালী মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) । দুয়োটা দলৰ মাজত এই খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই মেচত হাৰ্দিক পাণ্ডিয়াই মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে খেলিব, আনহাতে আৰ চি বি দলৰ দায়িত্বত আছে ৰজত পাটিদাৰ ।
বুমৰাহৰ প্ৰত্যাৱৰ্তন নিশ্চিত !
চলিত ছিজনত এই পৰ্যন্ত ৩ খন খেলৰ ভিতৰত ২ খন খেলত জয়লাভ কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে । এতিয়া গুজৰাট টাইটানছ (জি টি)ৰ বিৰুদ্ধে শেষৰখন খেলত হোৱা পৰাজয় পাহৰি দুৰ্দান্ত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাব আৰ চি বিয়ে । আনহাতে, মুম্বাই ইণ্ডিয়ানছে এই পৰ্যন্ত চাৰিখন খেলৰ ভিতৰত মাত্ৰ এখন খেলত জয়লাভ কৰিছে । ৱাংখেড়ে ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ বিৰুদ্ধে মুম্বাইৰ একমাত্ৰ জয় আৰু দলটোৰ খেলুৱৈসকলে এই মেচখনৰ পৰা প্ৰেৰণা ল’বলৈ চেষ্টা কৰিব ।
যদি মুম্বাই ইণ্ডিয়ানে নিজৰ অভিযানক পুনৰ জয়ৰ পথলৈ আনিব বিচাৰে, তেন্তে তেওঁলোকৰ বেটছমেনসকলে ভাল প্ৰদৰ্শন কৰিব লাগিব । মুম্বাইৰ ফালৰ পৰা সামগ্ৰিকভাৱে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে কেৱল সূৰ্যকুমাৰ যাদৱ আৰু ৰিয়ান ৰিকেলটনে । দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই এতিয়াও বিশেষ অৱদান আগবঢ়াব পৰা নাই । মিডল অৰ্ডাৰ বেটছমেন তিলক বাৰ্মায়ো নিজৰ ভাল আৰম্ভণিক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব পৰা নাই । আঁঠুৰ আঘাতৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অন্তিমখন খেল খেলিব নোৱাৰিলে ৰোহিতে । ৰোহিতক এতিয়া আজিৰ মেচত খেলা দেখা যাব পাৰে । ইয়াৰ ইংগিত দিছে দলৰ মুখ্য প্ৰশিক্ষক মহেলা জয়ৱৰ্ধনে ।
মুম্বাই ইণ্ডিয়ানছৰ বলিং বিভাগেও বিশেষ প্ৰদৰ্শন কৰিব পৰা নাই । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই পাঁচ উইকেট দখল কৰাৰ পাছতো মুম্বাইৰ বলাৰসকলে ৰানৰ প্ৰবাহ বন্ধ কৰিব নোৱাৰিলে । ইয়াৰ পিছত তেওঁলোকৰ বেটছমেনসকল লক্ষ্যত উপনীত হ’ব নোৱাৰিলে । মুম্বাইৰ বাবে ভাল খবৰটো হ’ল আৰ চি বিৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে দলটোত যোগদান কৰিছে ইয়াৰ মূল বেগী বলাৰ যশপ্ৰীত বুমৰাহে । এই মেচত বুমৰাহ বাছনিৰ বাবে উপলব্ধ হৈছে ।
কোহলীৰ পৰা ডাঙৰ ইনিংছৰ সম্ভাৱনা-
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ ক্ষেত্ৰত মুম্বাইৰ বেটিঙৰ দুৰ্বলতাৰ সুযোগ ল’বলৈ চেষ্টা কৰিব দলটোৱে । কে কে আৰৰ বিৰুদ্ধে ৫৯ ৰান সংগ্ৰহ কৰাৰ পাছত আশানুৰূপ অৱদান আগবঢ়াব নোৱাৰা তাৰকা বেটছমেন বিৰাট কোহলীৰ পৰা ভাল প্ৰদৰ্শনৰ আশা কৰিব দলটোৱে । আৰ চি বিৰ ফিল ছল্ট আৰু দেৱদত্ত পাডিক্কালৰ দৰে বেটছমেন আছে, যিয়ে দলটোক আগ্ৰাসী ৰূপ প্ৰদান কৰে ।
অধিনায়ক ৰজত পাটিদাৰো ডাঙৰ ডাঙৰ শ্বট খেলাত পাকৈত । অষ্ট্ৰেলিয়াৰ টিম ডেভিদে অন্তিম অভাৰত ভাল বেটিং কৰিছে যিটো দলৰ বাবে ভাল লক্ষণ । জোছ হেজলউড আৰু ভুৱনেশ্বৰ কুমাৰৰ ৰূপত তীব্ৰ বেগী বলিং আক্রমণ আছে যদিও ইয়াৰ স্পীনাৰসকলে এতিয়াও ভাল প্রদর্শন কৰিব পৰা নাই ৷
মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য মূল একাদশ :
ৰিয়ান ৰিকেলটন (উইকেটকীপাৰ), ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), মিচেল ছেণ্টনাৰ, যশপ্ৰীত বুমৰাহ, ভিগনেশ পুথুৰ, ট্ৰেণ্ট ব’ল্ট, দীপক চহৰ ।
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সম্ভাৱ্য মূল একাদশ :
ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পডিক্কাল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, যশ দয়াল, জোছ হেজলউড, ভুৱনেশ্বৰ কুমাৰ ।