ভাৰতীয় ক্ৰিকেট দলৰ বাবে ২০২৪ বৰ্ষটো উল্লেখনীয় আছিল । দলটোৱে আই চি চি ট্ৰফী (টি২০ বিশ্বকাপ ২০২৪) লাভ কৰি ১১ বছৰৰ অপেক্ষাৰ অন্ত পেলায় । এই বছৰটো দলৰ খেলুৱৈসকলৰ বাবে উত্থান-পতনেৰে ভৰি আছিল । ইয়াৰ মাজতে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । ভাৰতৰ টি-২০ দলৰ অধিনায়ক হয় সূৰ্যকুমাৰ যাদৱ । গতিকে এই বছৰ টিম ইণ্ডিয়াৰ এইসকল তাৰকা খেলুৱৈৰ বাবে কেনেকুৱা আছিল জানক-
ৰোহিত শৰ্মা-
ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই চলিত বৰ্ষত এতিয়ালৈকে তিনিওটা ফৰ্মেটতে ২৭খন খেল খেলিছে । এই মেচসমূহৰ ৩৭টা ইনিংছত ৩৩.২৯ গড়ে ১১৩২ ৰান সংগ্ৰহ কৰিছে হিটমনে । এই সময়ছোৱাত তেওঁ ৩টা শতক আৰু ৭টা অৰ্ধশতক অৰ্জন কৰিছে । অৱশ্যে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা ৫খনীয়া মেচৰ টেষ্ট শৃংখলাত দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা দেখা গৈছে অধিনায়কগৰাকীক ।
বিৰাট কোহলী-
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে চলিত বৰ্ষত এতিয়ালৈকে তিনিওটা ফৰ্মেটতে ২২খন মেচ খেলিছে । এই মেচসমূহৰ ২৯টা ইনিংছত বেটিং কৰি তেওঁ ২২.৬২ গড়ে ৬১১ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ১টা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰিছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰ্ফীৰ প্ৰথমখন মেচৰ দ্বিতীয় ইনিংছত অপৰাজিত শতক অৰ্জন কৰি পুনৰ ফৰ্মলৈ ঘূৰি অহাৰ ইংগিত দিছিল যদিও দ্বিতীয় আৰু তৃতীয় টেষ্টত বিশেষ প্ৰদৰ্শন কৰিব পৰা নাই কোহলীয়ে ।
সূৰ্যকুমাৰ যাদৱ-
সূৰ্যকুমাৰ যাদৱক এইবাৰ ভাৰতৰ টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় । ২০২৪ চনত এতিয়ালৈকে টিম ইণ্ডিয়াৰ হৈ ১৮খন খেল খেলিছে সূৰ্যই । এই মেচসমূহৰ ১টা ইনিংছত বেটিং কৰি তেওঁ ২৬.৮১ গড়ে ৪২৯ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ৪টা অৰ্ধশতক অৰ্জন কৰিছে ।
হাৰ্দিক পাণ্ডিয়া-
তাৰকা অল-ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ২০২৪ চনত টিম ইণ্ডিয়াৰ হৈ এতিয়ালৈকে ১৭খন মেচ খেলিছে । এই মেচসমূহৰ ১৪টা ইনিংছত বেটিং কৰি হাৰ্দিকে গড়ে ৪৪.০০ ৰানত ৩৫২ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ১টা অৰ্ধশতক অৰ্জন কৰিছে । ইয়াৰ উপৰিও ১৬ টা ইনিংছত বলিং কৰাৰ সময়ত হাৰ্দিকে গড়ে ২৬.২৫ ৰানত ১৬টা উইকেট দখল কৰিছে, য’ত সৰ্বোত্তম সংখ্যা হৈছে ৩/২০ ।