দক্ষিণৰ তাৰকা বিজয় দেৱেৰাকোণ্ডাৰ নাম দীৰ্ঘদিন ধৰি অভিনেত্ৰী ৰশ্মিকা মান্দন্নাৰ সৈতে চৰ্চাত আছে।তেওঁলোক দুয়োজনে বহুতো চলচ্চিত্ৰত একেলগে কাম কৰিছে আৰু তেওঁলোকৰ যুটিটো অনুৰাগীসকলে বহুত ভাল পাই।
একে সময়তে, ৰশ্মিকাৰ সৈতে সম্পৰ্কৰ বাতৰিৰ মাজতে, বিজয় দেৱেৰাকোণ্ডাই এতিয়া নিশ্চিত কৰিছে যে তেওঁ কাৰোবাৰ সৈতে ডেটিং কৰি আছে।
এটা সাক্ষাৎকাৰত বিজয় দেৱেৰাকোণ্ডাই প্ৰেমৰ বিষয়ে কথা কৈ স্বীকাৰ কৰিছিল যে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ।তেওঁ লগতে কয় যে “মই জানো যে ভাল পোৱাটো কেনে অনুভৱ হয় আৰু মই জানো প্ৰেম কৰাৰ অৰ্থ কি।মই চৰ্তহীন প্ৰেমৰ কথা নাজানো কিয়নো মোৰ প্ৰেম প্ৰত্যাশাৰ সৈতে আহে, সেয়েহে স্পষ্টভাৱে মোৰ প্ৰেম চৰ্তহীন নহয়”।
তেওঁ প্ৰকাশ কৰিছে যে এগৰাকী সহ-অভিনেত্ৰীৰ সৈতে বিজয়ে ডেটিং কৰি আছে। অভিনেতাগৰাকীয়ে আৰু কৈছিল যে- ‘মই ভাবো বৰ্তমান সময়ত সকলোবোৰ অত্যাধিক ৰোমান্টিক হৈ পৰিছে”। মই ডেটিঙৰ বাবে বাহিৰলৈ নাযাওঁ।মই কাৰোবাক দীঘলীয়া সময়ধৰি ভালদৰে জানি , বন্ধুত্ব গঢ়িহে ডেটিঙত যাওঁ। মোৰ বয়স ৩৫ বছৰ, আপোনালোকে ভাবেনে যে মই ছিংগল বুলি”?
বিবাহৰ কথা উল্লেখ কৰি অভিনেতাজনে কয় যে “বিবাহ মহিলাসকলৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক।”বিবাহ কেতিয়াও কাৰোৰে কেৰিয়াৰৰ পথত আহিব নালাগে।
মহিলাসকলৰ বাবে বিবাহ কঠিন।আপুনি কি বৃত্তিত আছে ,বাবিহ তাৰ ওপৰতো নিৰ্ভৰ কৰে”। অৱশ্যে অভিনেতা গৰাকীয়ে কোন সহ-অভিনেত্ৰীৰ সৈতে সম্পৰ্কত আছে সেই কথা উল্লেখ কৰা নাই।