কমেডি শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত কৰা এটা বিতৰ্কিত মন্তব্যৰ পিছত সমস্যাত পৰিছে ইউটিউবাৰ ৰণবীৰ ইলাহাবাদিয়া।তেওঁৰ বিৰুদ্ধে এজাহাৰও দাখিল কৰা হৈছে।
সমগ্ৰ দেশবাসীয়ে তেওঁলোকক বহুটো কটু মন্তব্য কৰিছে।এই সকলোবোৰৰ মাজতে, অখিল ভাৰত হিন্দু মহাসভাও ৰণবীৰ ইলাহাবাদীৰ বিৰোধিতাত ওলাই আহিছে।
তেওঁলোকে ঘোষণা কৰিছে যে ৰণবীৰ ইলাহাবাদিয়াৰ জিভা কাটি দিয়া জনলৈ ১ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব।
উল্লেখ্য যে লক্ষ্ণৌৰ সৰ্বভাৰতীয় হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শিশিৰ চতুৰ্বেদীয়ে ইউটিউবাৰ গৰাকীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কৈছে।
তেওঁলোকে ৰণবীৰ ইলাহাবাদীয়াক ‘সনাতন বিৰোধী’ বুলি উল্লেখ কৰি কৈছিল যে “তেওঁ সনাতনৰ বিৰুদ্ধে এক অত্যন্ত আক্ৰমণাত্মক মন্তব্য কৰিছে”,যাৰ ফলত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।যিসকলে তেওঁৰ লেতেৰা জিভা কাটিব পাৰিব তেওঁক ১ লাখ টকা পুৰস্কাৰ দিয়া হ’ব।”
এইটো জনা যায় যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে বুধবাৰে ইউটিউবাৰ ইলাহাবাদিয়াক মাতি পঠিয়াইছিল।সময় ৰাইনা, আশীষ চাঞ্চলানি, অপূৰ্ব মুখিয়া আৰু অন্যান্যসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
কমেডি শ্ব’ ইণ্ডিয়াজ গট লেটেণ্টত এই ইউটিউবাৰসকলে কৰা মন্তব্যৰ পিছত দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে।ফলস্বৰূপে, কেইবাখনো চহৰত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।