চামগুৰিত প্ৰতিদিনেই বৃদ্ধি পাইছে নিৰ্বাচনী হিংসা। শনিবাৰে নিশা চামগুৰিৰ মৰিপুঠি খাইতীত হোৱা বিজেপি কৰ্মীৰ আক্ৰমণৰ পিছতেই মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ৰূপক শৰ্মাই কৰিছে এটা দাবী।
মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ৰূপক শৰ্মাই ৰকিবুল হুছেইনক নিৰ্বাচনৰ পৰা বাৰন কৰাৰ বাবে দাবী জনাইছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ ৰিটাৰ্ণিং বিষয়াৰ হাতত দাখিল কৰিলে স্মাৰক পত্ৰ।
চামগুৰিত নিশা সংঘটিত হোৱা ঘটনাৰ পিছতেই এই সিদ্ধান্ত লৈছে তেওঁলোকে। ৰকিবুল হুছেইনক নিৰ্বাচনৰ পৰা বাৰন নকৰিলে আন্দোলনৰ হুংকাৰ তেওঁলোকৰ।