আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে । ইতিমধ্যে সকলো দলে আগন্তুক প্ৰতিযোগিতাখনৰ বাবে কৌশল ৰচনা কৰিবলৈ আৰম্ভ কৰিছে । টিম ইণ্ডিয়াইও এই সন্মানীয় খিতাপ দখল কৰিবলৈ অশেষ কষ্ট কৰিছে । চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতৰ ১৫ জনীয়া দলটোও অতি সোনকালে ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে । আগন্তুক টুৰ্ণামেণ্টৰ পূৰ্বে চেম্পিয়নছ ট্ৰফীত এতিয়ালৈকে দেশৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈসকলৰ কথা জানি লওক-
শিখৰ ধাৱান-
আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহৰ বিশেষ অভিলেখ আছে প্ৰাক্তন অ’পেনাৰ শিখৰ ধাৱানৰ নামত । ৩৯ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ইয়াত টিম ইণ্ডিয়াৰ হৈ মুঠ ১০টা ইনিংছত বেটিং কৰিছে । এই সময়ছোৱাত তেওঁ গড়ে ৭৭.৮৯ ৰান কৰি ৭০১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা তিনিটা শতক আৰু তিনিটা অৰ্ধশতক আহিছে ।
সৌৰভ গাংগুলী-
আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী । এই প্ৰতিযোগিতাত দেশৰ হৈ মুঠ ১১টা ইনিংছত বেটিং কৰিছিল গাংগুলীয়ে । এই সময়ছোৱাত তেওঁ গড়ে ৭৩.৮৯ ৰান কৰি ৬৬৫ ৰান কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ বেটৰ পৰা তিনিটা শতক আৰু তিনিটা অৰ্ধশতক দেখা গৈছিল ।
ৰাহুল দ্ৰাবিড়-
চেম্পিয়নছ ট্ৰফীত দেশৰ হৈ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে স্থান লাভ কৰিছে প্ৰাক্তন অধিনায়ক তথা মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে । চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াৰ হৈ দ্ৰাবিড়ে মুঠ ১৫টা ইনিংছত বেটিং কৰিছে । প্ৰতিযোগিতাখনত তেওঁ ৪৮.২৩ গড়ে ৬২৭ ৰান কৰিবলৈ সক্ষম হৈছে । চেম্পিয়নছ ট্ৰফীত ছটা অৰ্ধশতক অৰ্জন কৰিছে দ্ৰাবিড়ে ।
বিৰাট কোহলী-
চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা চতুৰ্থজন বেটছমেন আন কোনো নহয়, তেওঁ হৈছে বৰ্তমানৰ তাৰকা বিৰাট কোহলী । বৰ্তমান সময়লৈকে কোহলীয়ে চেম্পিয়নছ ট্ৰফীত ১২টা ইনিংছত বেটিং কৰিছে । প্ৰতিযোগিতাখনত তেওঁ ৮৮.১৭ গড়ে ৫২৯ ৰান কৰিবলৈ সক্ষম হৈছে । চেম্পিয়নছ ট্ৰফীত কোহলীয়ে ৫টা অৰ্ধশতক অৰ্জন কৰিছে ।
ৰোহিত শৰ্মা-
বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা পঞ্চমজন খেলুৱৈ । ‘হিটমেন’ শৰ্মাই ইয়াত ১০খন খেল খেলিছে । প্ৰতিযোগিতাখনত তেওঁৰ বেটে গড়ে ৫৩.৪৪ ৰান কৰি ১০ ইনিংছত ৪৮১ ৰান সংগ্ৰহ কৰিছে । চেম্পিয়নছ ট্ৰফীত শৰ্মাৰ নামত এটা শতক আৰু চাৰিটা অৰ্ধশতক আছে ।