আজি (মঙলবাৰ) লোকসভাত চৰকাৰৰ ৩৫টা সংশোধনী সন্নিবিষ্ট কৰা বিত্ত বিধেয়ক ২০২৫ গৃহীত হয় । ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হৈছে অনলাইন বিজ্ঞাপনৰ ওপৰত ৬ শতাংশ ডিজিটেল কৰ এতিয়া বাতিল কৰা হৈছে । ইয়াৰ লগে লগে লোকসভাই বাজেট প্ৰক্ৰিয়াৰ নিজৰ অংশ সম্পূৰ্ণ কৰিলে । এতিয়া এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰা হ’ব, য’ত অনুমোদন পোৱাৰ পিছত ২০২৫-২৬ চনৰ বাজেট সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব ।
২০২৫-২৬ চনৰ বাজেটত কি আছে ?
মুঠ ব্যয়ঃ ৫০.৬৫ লাখ কোটি টকা, যিটো যোৱা বছৰৰ তুলনাত ৭.৪ শতাংশ বেছি
মূলধনী ব্যয়ঃ ১১.২২ লাখ কোটি টকা
কৰ সংগ্ৰহৰ লক্ষ্য: ৪২.৭০ লাখ কোটি টকা
ঋণৰ পৰিকল্পনা: ১৪.০১ লাখ কোটি টকা
টকা ক’লৈ যাব ?
কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনিৰ বাবে : ৫.৪১ লাখ কোটি টকা । যোৱা বছৰ ৪.১৫ লাখ কোটি টকা আছিল ।
কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ বাবেঃ ১৬.২৯ লাখ কোটি টকা ।
ৰাজ্যলৈ স্থানান্তৰঃ ২৫.০১ লাখ কোটি টকা । এইটো যোৱা বছৰৰ তুলনাত ৪.৯১ লাখ কোটি টকা বেছি ।
কিয় খৰছ বাঢ়িল ?
-বজাৰ ঋণৰ সুত পৰিশোধ বৃদ্ধি পালে
-সামৰিক বাহিনীৰ বাবে অধিক ধন
-নিয়োগ আঁচনিৰ বাবে অধিক ব্যৱস্থা
বিত্তীয় ঘাটি আৰু জিডিপিৰ অনুমান
২০২৫-২৬ চনৰ বিত্তীয় ঘাটি : ৪.৪ শতাংশ (এইবাৰ ৪.৮ শতাংশ)
জি ডি পি অনুমান: ৩,৫৬,৯৭,৯২৩ কোটি টকা (যোৱা বছৰৰ তুলনাত ১০.১ শতাংশ বৃদ্ধি)
সাধাৰণ মানুহৰ বাবে কি বিশেষ-
অনলাইন বিজ্ঞাপনৰ ওপৰত কৰ আঁতৰোৱাৰ ফলত ডিজিটেল মাৰ্কেটিং সস্তা হ’ব ।
ৰাজ্যসমূহে অধিক ধন লাভ কৰিব, যাৰ ফলত উন্নয়নৰ কাম ত্বৰান্বিত হ’ব ।
নিয়োগ আঁচনিৰ ওপৰত গুৰুত্ব দিলে নতুন চাকৰিৰ সুযোগ বৃদ্ধি পাব পাৰে ।
এতিয়া ৰাজ্যসভাই কেতিয়া এই বিধেয়কখন গৃহীত কৰে আৰু নতুন বাজেট কেনেদৰে কাৰ্যকৰী হয় সেয়া লক্ষণীয় হব । এই বাজেটে অৰ্থনীতি আৰু অধিক শক্তিশালী কৰিব বুলি দাবী কৰিছে যদিও বিৰোধীয়ে ইয়াক “নিৰ্বাচনী বাজেট” বুলি অভিহিত কৰিছে ।