শুকুৰবাৰে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ প্ৰচাৰ প্ৰেছ সচিব কেৰ’লিন লেভিটক হোৱাইট হাউছৰ প্ৰেছ সচিব হিচাপে নিযুক্তি দিয়ে । বৰ্তমান ট্ৰাম্পৰ মুখপাত্ৰ হিচাপে কৰ্মৰত ২৭ বছৰীয়া লেভিট আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া হোৱাইট হাউছৰ মুখপাত্ৰ হ’ব ।
ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ৰ’নাল্ড জিগলাৰ যিয়ে ১৯৬৯ চনত ৰিচাৰ্ড নিক্সনৰ কাৰ্যকালত এই পদ গ্ৰহণ কৰাৰ সময়ত ২৯ বছৰীয়া আছিল । ট্ৰাম্পে কেৰ’লিনক প্ৰশংসা কৰি এক বিবৃতি প্ৰকাশ কৰি আগৰ দৰেই তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে ।
ট্ৰাম্পে কয়, “কেৰলিন লেভিটে মোৰ ঐতিহাসিক প্ৰচাৰত ৰাষ্ট্ৰীয় প্ৰেছ সচিব হিচাপে এক অসাধাৰণ কাম কৰিছিল আৰু মই ঘোষণা কৰি আনন্দিত হৈছো যে তেওঁ হোৱাইট হাউছৰ প্ৰেছ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিব । কেৰলিন স্মাৰ্ট আৰু এগৰাকী অতি ফলপ্ৰসূ যোগাযোগকাৰী হিচাপে প্ৰমাণিত হৈছে ।”
ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ৪ জন প্ৰেছ সচিব আছিল-
হোৱাইট হাউছৰ প্ৰেছ সচিবগৰাকীয়ে সাধাৰণতে প্ৰশাসনৰ ৰাজহুৱা মুখ হিচাপে কাম কৰে আৰু ঐতিহাসিকভাৱে প্ৰেছ কৰ্পৰ বাবে দৈনিক ব্রিফিং অনুষ্ঠিত কৰে । ট্ৰাম্পে নিজেই প্ৰথম কাৰ্যকালত নিজৰ মুখ্য মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাটো পছন্দ কৰিছিল । ২০১৭ চনৰ পৰা ২০২১ চনলৈকে ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত ট্ৰাম্পৰ চাৰিজন প্ৰেছ সচিব আছিল যদিও তেওঁ প্ৰায়ে নিজৰ ৰেলী, ছ’চিয়েল মিডিয়া পোষ্ট আৰু নিজৰ ব্রিফিঙৰ জৰিয়তে জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰাটো পছন্দ কৰিছিল ৷