২০ নৱেম্বৰ ২০২৪ তাৰিখ, বুধবাৰে ভাৰতৰ শ্বেয়াৰ বজাৰ বন্ধ থাকিব । এই দিনটোত বি এছ ই আৰু এন এছ ইত কোনো কাম নহ’ব । মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন উপলক্ষে শ্বেয়াৰ বজাৰত এই বন্ধৰ দিন ঘোষণা কৰা হৈছে । শ্বেয়াৰ বজাৰে এই সন্দৰ্ভত আনুষ্ঠানিক তথ্য প্ৰদান কৰিছে ।
মুদ্ৰা বজাৰ আৰু সামগ্ৰী বিনিময়তো ব্যৱসায়িক বন্ধৰ দিন-
ষ্টক মাৰ্কেট অৰ্থাৎ বি এছ ই আৰু এন এছ ই দুয়োটা এক্সচেঞ্জতে শ্বেয়াৰ বজাৰ বন্ধ থাকিব । এই দিনটোত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে । ইফালে মুদ্ৰা বজাৰ আৰু সামগ্ৰী বিনিময় ব্যৱসায়ো বন্ধ থাকিব ।
ৰাজনৈতিক কাৰ্যকলাপৰ বাবে ২০ নৱেম্বৰত ব্যস্ত থাকিব মুম্বাইবাসী-
একেদিনাই ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ’ব আৰু উত্তৰ প্ৰদেশৰ ৯টা বিধানসভাৰ উপ-নিৰ্বাচনো অনুষ্ঠিত হ’ব । কিন্তু ষ্টক মাৰ্কেটত বন্ধ দিয়া হৈছে কাৰণ এই দিনটোত দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত নিৰ্বাচনৰ দিন, য’ৰ পৰা ষ্টক এক্সচেঞ্জ চলি থাকে । ২০ নৱেম্বৰত মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত ৰাজনৈতিক ব্যস্ততা থাকিব আৰু এই কাৰণেই আৰ্থিক কাম-কাজত অলপ বিৰতি দিয়া হৈছে যাতে সকলো মুম্বাইবাসী আৰু মহাৰাষ্ট্ৰৰ বাসিন্দাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে ।
নৱেম্বৰ মাহত ১২ দিন বন্ধ থাকিব ষ্টক মাৰ্কেট-
নৱেম্বৰ মাহত মুঠ ১২ দিনৰ বাবে ষ্টক মাৰ্কেট বন্ধ থাকিব আৰু ইয়াৰ কাৰণ হ’ল উৎসৱ আৰু বিশেষ বন্ধৰ দিন । দীপাৱলী উপলক্ষে ১ নৱেম্বৰ শুকুৰবাৰে শ্বেয়াৰ বজাৰ বন্ধ আছিল । ইয়াৰ পিছত গুৰু নানক জয়ন্তীৰ কাৰণে ১৫ নৱেম্বৰ শুকুৰবাৰে শ্বেয়াৰ বজাৰত বন্ধ থাকিব । ইয়াৰ পিছত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ দিন ২০ নৱেম্বৰ, বুধবাৰে শ্বেয়াৰ বজাৰ বন্ধ থাকিব । মাহৰ আটাইকেইটা শনিবাৰ আৰু দেওবাৰকে ধৰি নৱেম্বৰ মাহত মুঠ ১২ দিন ষ্টক মাৰ্কেট বন্ধৰ থাকিব ।
এন এছ ইত জাৰি কৰা বন্ধৰ জাননী-
এন এছ ই সন্দৰ্ভত এক্সচেঞ্জে জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে “মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ২০ নৱেম্বৰ বুধবাৰে ট্ৰেডিং ছুটী অব্যাহত ৰখা হ’ব ।” উল্লেখ্য যে, ২০ নৱেম্বৰত মহাৰাষ্ট্ৰৰ ২৮৮ জনীয়া বিধানসভাত ভোটগ্ৰহণ আৰু ২৩ নৱেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব ।