চাৰিওদিশে দুৰ্গা পূজাৰ আনন্দ উল্লাহ । দুৰ্গতিনাশিনীৰ পূজা – অৰ্চনাত ব্যস্ত ভক্তগণ । দেৱী বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ ।আকৰ্ষণীয় পূজা মণ্ডপ সমূহে ভক্তসকলৰ মন প্ৰাণ পুলকিত কৰিছে। তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এটা সম্প্ৰীতিৰ দৃশ্য ।শিৱসাগৰ নগৰৰ থানা ৰোড স্থিত আশীৰ্বাদ ভৱনত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী নবযুৱক দুৰ্গোৎসৱ সমিতিৰ পূজা পেণ্ডেলৰ লগতে লাগি আছে বেপাৰী পট্টি মছজিদ।
মছজিদটোত আজান দিয়াৰ সময়তেই বন্ধ কৰি দিয়া হয় পূজা পেণ্ডেলৰ ছাউণ্ড চিষ্টেম । নামাজ বিঘ্নিত নহ’বৰ বাবেই এই সিদ্ধান্ত শ্ৰী শ্ৰী নৱযুৱক দুৰ্গোৎসৱ সমিতিৰ । বিগত ৬৪ বছৰে এনেকৈয়ে হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মৰ মানুহে এজনে আন জনক সহযোগিতা কৰি পালন কৰি আহিছে সকলো ধৰ্মীয় ৰীতি-নীতি।