সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (AIMIM)ৰ ৰাষ্ট্ৰীয় সভাপতি আৰু হায়দৰাবাদৰ লোকসভাৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ গভীৰ দুখ প্ৰকাশ কৰি মুছলমান সমাজলৈ বিশেষ আহ্বান জনাইছে।
ওৱাইচিয়ে কৈছে যে জুম্মাৰ নামাজৰ সময়ত সকলো মুছলমানে বাহুত ক’লা বেজ পিন্ধি মছজিদলৈ যাব লাগে যাতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একতা আৰু শান্তিৰ বাৰ্তা দিব পৰা যায়।
সকলো মুছলমানকে আহ্বান কৰি ওৱাইচিয়ে কয় যে, ‘ইয়াৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰো যে আমি ভাৰতীয়সকলে, বিদেশী শক্তিক ভাৰতৰ শান্তি আৰু ঐক্য দুৰ্বল কৰিবলৈ নিদিওঁ’।
তেওঁ সকীয়াই দিয়ে যে, এই আক্ৰমণৰ পিছত “শ্বাৰ-পাছাণ্ড” (অশান্তি বিয়পোৱা শক্তি) কাশ্মীৰী মুছলমানক লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিব পাৰে, আৰু এনে পৰিস্থিতিত সকলোৱে একত্ৰিত হৈ শত্ৰুৰ পৰিকল্পনা বিফল কৰাটো অতি প্ৰয়োজনীয়। সকলো ভাৰতীয়ক মই অনুৰোধ কৰিছো যে কেতিয়াও শত্ৰুৰ জালত নপৰিব’।
ওৱাইছিয়ে সকলো ভাৰতীয়ক আহ্বান জনাইছে য়ে ‘যিকোনো ধৰণৰ ধৰ্মীয় বা সাম্প্ৰদায়িক ৰাজনীতি় প্ৰৰোচনাৰ পৰা আঁতৰি থাকক আৰু ঐক্যবদ্ধ হৈ থাকি শান্তি আৰু সম্প্ৰীতিৰ পৰিবেশ বজাই ৰাখক।তেওঁ কয় যে ‘সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই আৰু এনে আক্ৰমণৰ উদ্দেশ্য হৈছে দেশক বিভাজিত কৰা’।