এতিয়া উৎসৱৰ বতৰ । শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠিত হৈ যোৱাৰ পিছতেই এতিয়া দেশবাসীয়ে উলহ-মালহেৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন বাবে সাজু হৈছে । এই উৎসৱৰ বতৰত এতিয়া বজাৰ, দোকানে-পোহাৰে বৃদ্ধি পাইছে বিভিন্ন মিঠাইৰ চাহিদা । বিশেষকৈ দীপাৱলীৰ প্ৰাকক্ষণত বজাৰত বৃদ্ধি পাইছে বিভিন্ন মিঠাইৰ সমাদৰ । ইয়াৰ মাজতে এবিধ বিশেষ মিঠায়ে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ । কিয়নো এইবিধ মিঠাইৰ দৰ প্ৰতি কিলো ১৪ হাজাৰ টকা ।
উল্লেখ্য যে, মহাৰাষ্ট্ৰত প্ৰতি বছৰে দীপাৱলীত কিছু বিশেষ মিঠাই বজাৰলৈ অহাটো এক পৰম্পৰাত পৰিণত হৈছে । এইবাৰ অমৰাৱতীত এগৰাকী দোকানীয়ে প্ৰৱৰ্তন কৰিছে এক অনন্য মিঠাই ‘সোণেৰী ভোগ’ । যি আলমণ্ড, কাজু, কিচমিচ আৰু পিষ্টাৰ পৰা প্ৰস্তুত কৰা হৈছে । কেৱল এয়াই নহয়, এই মিঠাইৰ ওপৰত ২৪ কেৰেট সোণৰ চৰোৱা হৈছে । এই মিঠাইৰ চাহিদা কেৱল অমৰাৱতীতে নহয় সমগ্ৰ মহাৰাষ্ট্ৰতে দেখা গৈছে ।
প্ৰকৃততে, ২৪ কেৰেট সোণ চৰোৱা এই মিঠাই, ‘ৰঘুবীৰ মিঠাই’ নামৰ দোকানখনত তৈয়াৰ কৰা হৈছে । ২৪ কেৰেটৰ সোণ চৰোৱা এই মিঠাইৰ মূল্য প্ৰতি কিলোগ্ৰামত ১৪ হাজাৰ টকা ধাৰ্য কৰা হৈছে, যি যোৱা বছৰতকৈ ৩ হাজাৰ টকা অধিক । সোণৰ বৰ্ধিত মূল্য স্বত্বেও, এই মিঠাইৰ চাহিদা কেৱল অমৰাৱতীতে নহয়, সমগ্ৰ মহাৰাষ্ট্ৰত দেখা গৈছে ।
মিঠাইক লৈ গ্ৰাহকৰ মাজত যথেষ্ট উৎসাহ-
বিক্ৰেতা চন্দ্ৰকান্ত পোপাটে কয়, দীপাৱলীত বিশেষ মিঠাইৰ পৰম্পৰা আছে আৰু সোণ চৰোৱা এই মিঠাইয়ে মানুহক আকৰ্ষণ কৰিছে । প্ৰতি ঘৰ মানুহে দীপাৱলীৰ দিনা কিছুমান বিশেষ মিঠাইৰ কামনা কৰে । ইয়াৰ বাবেই বজাৰত মুকলি কৰা হৈছে ২৪ কেৰেট সোণ চৰোৱা ‘সোণেৰী ভোগ’ মিঠাই । ইফালে এই বিশেষ মিঠাইক লৈ গ্ৰাহকৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে । এই মিঠাই চাবলৈ আৰু কিনিবলৈ অমৰাৱতী বজাৰত মানুহৰ ভিৰ দেখা গৈছে ।