ভাৰতত চাইবাৰ অপৰাধ অতি দ্ৰুতগতিত বৃদ্ধি পাইছে । প্ৰতিদিনে কেলেংকাৰী সংঘটিত হৈ আছে আৰু মানুহৰ কষ্টোপাৰ্জিত ধন প্ৰৱঞ্চকৰ বেংক একাউণ্টলৈ গৈ আছে । হেকাৰে মানুহক প্ৰৱঞ্চনা কৰিবলৈ সকলো ধৰণৰ কৌশল অৱলম্বন কৰিছে । ট্ৰাই (TRAI) অৰ্থাৎ ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটিৰ নামত সংঘটিত হৈছে এক নতুন কেলেংকাৰী । এই কেলেংকাৰী অতি বিপজ্জনক আৰু আপোনাৰ এটা ভুলৰ বাবে আপুনি সৰ্বস্ব হেৰুৱাবলগা হ’ব পাৰে ।
সকীয়াই দিছে ট্ৰাইয়ে-
ট্ৰাইৰ নামত সংঘটিত হোৱা এই কেলেংকাৰীৰ বিষয়ে ট্ৰাইয়ে সকীয়াই দিছে । TRAI এ এক্সত এটা পোষ্ট কৰিছে যে যদি আপুনি TRAI ৰ নামত ফোন পায় আৰু আজি ৰাতি আপোনাৰ নম্বৰ নিস্ক্ৰীয় হ’ব বুলি দাবী কৰে তেন্তে সতৰ্ক হওক, কাৰণ ই এটা কেলেংকাৰী । ট্ৰাইয়ে ৰাইজক আহ্বান জনাইছে যে চক্ষু পৰ্টেলত এনেধৰণৰ ফোনৰ খবৰ দিব লাগে । যেতিয়া আপুনি এনে ফোন লাভ কৰে তেতিয়া আপোনাৰ কোনো নম্বৰ টিপিব নালাগে বা প্ৰৱঞ্চকে প্ৰেৰণ কৰা কোনো লিংকত ক্লিক নকৰিব কাৰণ এই কলৰ পৰাই ডিজিটেল এৰেষ্ট কেলেংকাৰী আৰম্ভ হয় ।
ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ ঘটনা-
চৰকাৰী তথ্য অনুসৰি ২০২৪ চনৰ জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত ‘ডিজিটেল গ্ৰেপ্তাৰ’ কেলেংকাৰীত ভাৰতত প্ৰায় ১২০.৩ কোটি টকা লোকচান হৈছে । ২৭ অক্টোবৰৰ মন কি বাতৰ ১১৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই তথ্য দিছিল । তেওঁ চাইবাৰ অপৰাধ সন্দৰ্ভত ক্ৰমাৎ বৃদ্ধি পোৱা উদ্বেগৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
নেশ্যনেল চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেলে (NCRP) প্ৰকাশ কৰা অনুসৰি ২০২৪ চনৰ প্ৰথম ত্ৰৈমাসিকত প্ৰায় ৭.৪ লাখ চাইবাৰ অপৰাধৰ অভিযোগ লাভ কৰা হৈছে । ২০২৩ চনত মুঠ ১৫.৫৬ লাখ অভিযোগ পঞ্জীয়ন হৈছিল, যিটো ২০২২ চনত ৯.৬৬ লাখ আৰু ২০২১ চনত ৪.৫২ লাখ অভিযোগতকৈ যথেষ্ট বেছি ।