ৰাজধানী দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন কমপ্লেক্সত নিৰ্মিত অমৃত উদ্যান ২ ফেব্ৰুৱাৰীৰ পৰা পুনৰবাৰ সাধাৰণ জনতাৰ বাবে মুকলি কৰা হ’ব । মঙলবাৰৰ পৰা দেওবাৰলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৬ বজালৈ ৩০ মাৰ্চলৈকে জনসাধাৰণৰ বাবে মুকলি হব এই উদ্যান । অহা ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ অমৃত মহোৎসৱৰ আয়োজন কৰা হ’ব, য’ত দক্ষিণ ভাৰতৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব । ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় আৰু বাসগৃহত ১৫ একৰ বিস্তৃত ঠাইত আছে এই অমৃত উদ্যান ।
এইদৰে বুক কৰক টিকট-
ইয়ালৈ যাবলৈ কোনো ধৰণৰ মাচুল দিব নালাগে । মাত্ৰ আগতীয়াকৈ আপোনাৰ স্লট বুকিং কৰিব লাগিব । ইয়াৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইট (https://visit.rashtrapatibhavan.gov.in/visit/amrit-udyan/rE)ত অনলাইন বুকিং কৰিব পাৰিব । যদি আপুনি আপোনাৰ স্লট বুকিং কৰিব বিচাৰে, তেন্তে আপুনি গেট নং ৩৫ৰ বাহিৰত অৱস্থিত স্ব-সেৱা কিয়স্কৰ জৰিয়তেও আপোনাৰ স্লট বুকিং কৰিব পাৰে ।
কেতিয়া কেতিয়া বন্ধ থাকিব-
চৰকাৰী তথ্য অনুসৰি প্ৰতি সোমবাৰে বাগিচাখন চাফাইৰ বাবে বন্ধ থাকিব । ইয়াৰ উপৰিও ৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচন, ২০-২১ ফেব্ৰুৱাৰীত ভৱনত সন্মিলন আৰু ১৪ মাৰ্চত হোলীৰ বাবে বন্ধ থাকিব এই উদ্যান ।
যাওঁতে এই কথা মনত ৰাখিব-
যদি আপুনি অমৃত উদ্যানলৈ যায় তেন্তে আপোনাৰ পৰিচয় পত্ৰ লগত লৈ যাব । ইয়াৰ লগতে আপুনি আপোনাৰ ফোনটো অমৃত উদ্যানৰ ভিতৰলৈ লৈ যাব পাৰে, কিন্তু তাত ফটো ক্লিক বা ভিডিঅ’ বনাব নোৱাৰিব । ইয়াৰ লগতে পাণ, চিগাৰেট আৰু অন্য খাদ্য সামগ্ৰী ভিতৰলৈ লৈ যাব নোৱাৰিব । কেৱল পানীৰ বটল, কেঁচুৱাৰ গাখীৰৰ বটল, পাৰ্চ, ছাতি আৰু হেণ্ডবেগ লৈ ভিতৰলৈ যাব পাৰিব । ভিতৰত খাবলৈ তাত ফুড ক’ৰ্টো পাব ।