নৱেম্বৰ মাহৰ আৰম্ভণিৰ পৰা অনলাইন পেমেণ্ট কৰাটো যথেষ্ট সহজ হৈ পৰিছে । ২০২৪ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা আৰ বি আই এম পি চিৰ বৈঠকত ইউ পি আই লাইট (UPI Lite )ৰ নিয়ম সন্দৰ্ভত কিছু সিদ্ধান্ত লোৱা হৈছিল । নৱেম্বৰৰ পৰা ইউ পি আই লাইটৰ সৈতে জড়িত দুটা নতুন নিয়ম কাৰ্যকৰী হ’ল ।
বৃদ্ধি পালে লেনদেনৰ সীমা-
ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃদ্ধি কৰিছে ইউ পি আই লাইটৰ লেনদেনৰ সীমা । ইয়াৰ পূৰ্বে ইউ পি আই লাইট ব্যৱহাৰকাৰীয়ে মাত্ৰ ৫০০ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিছিল । ইয়াৰ বাহিৰে ৱালেটত মাত্ৰ ২০০০ টকাৰ বেলেঞ্চ ৰাখিব পাৰিছিল । আৰ বি আইৰ নিয়ম অনুসৰি ইউ পি আইত দৈনিক খৰচৰ সীমা ৪ হাজাৰ টকা ।
এতিয়া আৰ বি আইয়ে ইউ পি আই লাইটত ৫০০ টকা লেনদেনৰ সীমা বৃদ্ধি কৰিছে । অৰ্থাৎ এহেজাৰ টকাৰ লেনদেন এবাৰত কৰিব পাৰিব । ইয়াৰ উপৰিও ইউ পি আই লাইটৰ ৱালেটৰ বেলেঞ্চ ২০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধি কৰা হৈছে ।
ইউ পি আই লাইটত নতুন বৈশিষ্ট্য-
এতিয়া ইউ পি আই লাইটত বেলেন্স যোগ কৰাৰ অসুবিধা নাইকীয়া হৈছে । ১ নৱেম্বৰৰ পৰা এই নিয়ম কাৰ্যকৰী হৈছে । ইউ পি আই লাইটত অটো-টপ-আপ বৈশিষ্ট্য আৰম্ভ হৈছে । যদি UPI Lite ৱালেটত থকা বেলেঞ্চ শেষ হৈ যায় তেন্তে ইয়াক পুনৰ মেনুৱেলী যোগ (Add On) কৰিব লাগিব ।
নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন অৱ ইণ্ডিয়াৰ(এন পি চি আই)ৰ লক্ষ্য হৈছে নতুন অটো-টপ-আপ বৈশিষ্ট্যৰ জৰিয়তে পেমেণ্ট ব্যৱস্থাটো সহজ কৰি তোলা । ইউ পি আই লাইটৰ এই বৈশিষ্ট্যৰ বিষয়ে তথ্য এন পি চি আইয়ে ২০২৪ চনৰ ২৭ আগষ্টত এক অধিসূচনা জাৰি কৰি দিছিল ।
এই বৈশিষ্ট্যই কেনেকৈ কাম কৰিব ?
যদি UPI Lite ৰ বেলেঞ্চ এটা সীমাৰ তললৈ যায় তেন্তে এই বৈশিষ্ট্যৰ জৰিয়তে বেলেঞ্চ স্বয়ংক্ৰিয়ভাৱে যোগ কৰা হ’ব । ব্যৱহাৰকাৰীয়ে নিজেই ৰিচাৰ্জৰ পৰিমাণ আৰু বেলেঞ্চৰ সীমা নিৰ্ধাৰণ কৰিব । এই বৈশিষ্ট্য দিনটোত মাত্ৰ পাঁচবাৰহে টপ-আপ হ’ব ।
এন পি চি আইৰ অধিসূচনা অনুসৰি ইউ পি আই লাইটৰ এই বৈশিষ্ট্য লাভ কৰিবলৈ ব্যৱহাৰকাৰীয়ে ২০২৪ চনৰ ৩১ অক্টোবৰৰ ভিতৰত ইউ পি আই লাইট এপত এই বৈশিষ্ট্য সক্ৰিয় কৰিব লাগিব ।
ইউ পি আই লাইট কি ?
গুগল পে, ফোনপে, পেটিএম আদি সকলো ইউ পি আই ভিত্তিক পেমেণ্ট এপত ইউ পি আই লাইটৰ সুবিধা প্ৰদান কৰা হৈছে । ইউ পি আই লাইট হৈছে এক প্ৰকাৰৰ ডিজিটেল ৱালেট । এই ৱালেটৰ জৰিয়তে পিন বা পাছৱৰ্ড অবিহনে লেনদেনৰ অনুমতি দিয়া হৈছে । অৱশ্যে ইয়াৰ দ্বাৰা সৰু সৰু লেনদেনহে কৰিব পৰা যায় ।