নিউজীলেণ্ডে আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল কৰিছে । দেওবাৰে (২০ অক্টোবৰ) ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত নিউজীলেণ্ডে দক্ষিণ আফ্ৰিকাক ৩২ ৰানত পৰাস্ত কৰে । দক্ষিণ আফ্ৰিকাই জয়ী হ’বলৈ ১৫৯ ৰানৰ লক্ষ্য অনুসৰণ কৰছিল যদিও ৯ উইকেটত মাত্ৰ ১২৬ ৰানহে কৰিবলৈ সক্ষম হয় দলটো । নিউজীলেণ্ডে প্ৰথমবাৰৰ বাবে এই খিতাপ দখল কৰিছে । লগে লগে দক্ষিণ আফ্ৰিকাৰ খিতাপ জয়ৰ সপোন পুনৰ ছিন্নভিন্ন হৈ পৰে । নিউজীলেণ্ডৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমেলিয়া কেৰে । কেৰে ৪৩ ৰান সংগ্ৰহ কৰাৰ লগতে ৩ টা উইকেট দখল কৰে ।
একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত পৰাস্ত হয় আফ্ৰিকান দল-
তৃতীয়বাৰৰ বাবে মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল নিউজীলেণ্ডৰ দলটোৱে । দক্ষিণ আফ্ৰিকাৰ দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেল খেলিছিল যদিও এইবাৰো হতাশ হয় । যোৱা বছৰ দক্ষিণ আফ্ৰিকাই ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । চূড়ান্ত খেলখনত নিউজীলেণ্ডৰ অধিনায়ক হিচাপে আছিল ছফী ডেভিন । দক্ষিণ আফ্ৰিকাৰ দলটোৰ কমাণ্ডাৰ আছিল ল’ৰা উলৱাৰ্ড ।
চূড়ান্ত মেচখনত লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই ভাল আৰম্ভণি কৰিছিল । অধিনায়ক উলভাৰ্ড আৰু তাজমিন ব্ৰিটছে একেলগে ৬.৫ অভাৰত প্ৰথম উইকেটত ৫১ ৰান সংগ্ৰহ কৰে । কিন্তু এই অংশীদাৰিত্ব ভংগ হোৱাৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ দলটোৱে চাপত পৰি নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই । দক্ষিণ আফ্ৰিকাৰ দলটোৰ হৈ অধিনায়ক উলৱাৰ্ডে ৩৩ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে । ব্ৰিটিছে ১৭ ৰান আৰু ক্ল’ ট্ৰাইনে ১৪ ৰান সংগ্ৰহ কৰে । নিউজীলেণ্ডৰ হৈ আমেলিয়া কেৰ আৰু ৰোজমেৰী মেয়াৰে তিনিটাকৈ উইকেট দখল কৰে ।
ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত নিউজীলেণ্ডে ৫ উইকেটত ১৫৮ ৰান সংগ্ৰহ কৰে । নিউজীলেণ্ডৰ হৈ জৰ্জিয়া আমেলিয়া কেৰে সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰে । কেৰে ৩৮টা বলৰ সন্মুখীন হৈ চাৰিটা টাৰি কোবায় । আনহাতে ব্ৰুক হেলিডেই তিনিটা চাৰিৰ সহায়ত ২৮টা বলত ৩৮ ৰান সংগ্ৰহ কৰে । চতুৰ্থ উইকেটৰ বাবে ৪৪টা বলত ৫৭ ৰানৰ অংশীদাৰিত্ব আছিল হেলিডে আৰু কেৰৰ মাজত । অপেনাৰ বেটছমেন ছুজি বেটছেও ৩২ ৰানৰ ইনিংছ খেলে । দক্ষিণ আফ্ৰিকাৰ হৈ এন ম্লাবাই দুটা উইকেট দখল কৰে ।
অষ্ট্ৰেলিয়াৰ নামত সৰ্বাধিক ৬ টা খিতাপ আছে-
উল্লেখ্য যে, বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে এই বৃহৎ প্ৰতিযোগিতাখন বাংলাদেশৰ পৰা ইউ এ ইলৈ স্থানান্তৰ কৰা হয় । মহিলা টি-২০ বিশ্বকাপৰ প্ৰথমটো বিজয়ী দল আছিল ইংলেণ্ড, যিয়ে ২০০৯ চনত এই খিতাপ দখল কৰিছিল । আনহাতে অষ্ট্ৰেলিয়াই ২০১০, ২০১২, ২০১৪, ২০১৮, ২০২০, ২০২৩ চনত টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল । আনহাতে ২০১৬ চনত ৱেষ্ট ইণ্ডিজে খিতাপ দখল কৰিছিল । টি-২০ বিশ্বকাপত ভাৰতৰ সৰ্বোত্তম প্ৰদৰ্শন ২০২০ চনত, যেতিয়া ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছিল । য’ত অষ্ট্ৰেলিয়া ৮৫ ৰানত পৰাস্ত হৈছিল । এইবাৰ নিউজীলেণ্ডে প্ৰথমবাৰৰ বাবে এই খিতাপ দখল কৰিছে ।