দেশৰ একাংশ ৰাজনীতিকৰ কাৰ্যকলাপে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰা দেখা যায় । বিভিন্ন বিতৰ্কই হওক বা কামেই হওক একাংশই প্ৰায়েই দখল কৰে বাতৰিৰ শিৰোনাম । কেতিয়াবা কেতিয়াবা কিছু সংখ্যক ৰাজনীতিবিদৰ আজৱ কাণ্ডই চকু কপালত তোলে সকলোৰে ।
শুকুৰবাৰে এনে এক আজৱ ঘটনাই সংঘটিত হ’ল । সচিবালয়ৰ তৃতীয় মহলাৰ পৰা জঁপিয়ালে বিধানসভাৰ উপাধ্যক্ষই । প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ আন তিনি সতীৰ্থৰে তৃতীয় মহলাৰ পৰা জঁপিয়ালে উপাধ্যক্ষগৰাকীয়ে । শুকুৰবাৰে মহাৰাষ্ট্ৰত সংঘটিত হয় এই ঘটনা ।
শুকুৰবাৰে মুম্বাইৰ ৰাজ্যিক সচিবালয় এক আজৱ দৃশ্যৰ সাক্ষী হৈ ৰয় যেতিয়া মহাৰাষ্ট্ৰৰ উপাধ্যক্ষ নৰহৰি জিৰৱাল আৰু আন তিনিজন বিধায়কে তৃতীয় মহলাৰ পৰা জঁপিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে এটা সম্প্ৰদায়ক অনুসূচিত জনজাতি শাখাত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰোধিতা এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে । অৱশ্যে তেওঁলোকৰ এই প্ৰচেষ্টা ৰোধৰ বাবে তলৰ মহলাত পতা জালত আৱদ্ধ হৈ পৰাত যিকোনো ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে আটাইকেইজন ।
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এন চি পি)ৰ অজিত পাৱাৰ গোটৰ সদস্য জিৰৱাল আৰু তিনিওজন বিধায়কে ধনগৰ সম্প্ৰদায়ক অনুসূচীত জনজাতি (এছ টি) শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰোধিতা কৰিবলৈ মন্ত্ৰালয়ৰ পৰা জঁপিওৱাৰ সিদ্ধান্ত লয়, যাক চৰকাৰে বিবেচনা কৰি আছে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে যে তেওঁলোকৰ কোনোৱে কোনোধৰণৰ আঘাত পোৱা নাই ।
ইয়াৰ পূৰ্বে দিনটোৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু দেৱেন্দ্ৰ ফাড়নবিছৰ উপস্থিত থকা কেবিনেট বৈঠকৰ সময়ত কেইজনমান জনজাতীয় বিধায়কে মন্ত্ৰালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ।
ৰাজ্যখনৰ ধনগৰ সম্প্ৰদায় বৰ্তমান অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) শ্ৰেণীত আছে আৰু ইয়াৰ কিছু সদস্যই চোলাপুৰ জিলাৰ পান্ধৰপুৰত তেওঁলোকক এছ টি শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবীত আন্দোলন কৰি আহিছে । প্ৰদৰ্শনকাৰীসকলে দাবী কৰিছে যে তেওঁলোকৰ সম্প্ৰদায়টো ধাংগাড়ৰ দৰে একে, যাক কেইবাখনো ৰাজ্যত অনুসূচীত জনজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে ।