হোৱাইট হাউছলৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে কংগ্ৰেছক সম্বোধন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ইয়াৰ মাজতে তেওঁ দ্বিতীয় কাৰ্যকালৰ সমগ্ৰ পৰিকল্পনাৰ আভাস দাঙি ধৰে । ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ নাগৰিকসকলৰ বাবে অৰ্থনীতি, নিৰাপত্তা, আৰু বিশ্ব সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । দ্বিতীয় কাৰ্যকালৰ মূল অগ্ৰাধিকাৰসমূহৰ ৰূপৰেখা দাঙি ধৰি তেওঁ কয় যে তেওঁৰ প্ৰশাসনে আমেৰিকাৰ নিৰাপত্তা আৰু অৰ্থনৈতিক অগ্ৰগতিক শীৰ্ষ অগ্ৰাধিকাৰ দিব ।
ঘৰুৱা আৰু বৈদেশিক নীতিৰ পৰিৱৰ্তন-
ৰাষ্ট্ৰপতি ট্ৰাম্পে যোৱা কেইসপ্তাহমানত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে, অৰ্থনৈতিক পুনৰুদ্ধাৰ, স্বাস্থ্যসেৱা ব্যৱস্থাৰ পৰিৱৰ্তন আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ট্ৰাম্পে কয় যে তেওঁৰ দ্বাৰা কৰা সংস্কাৰে আমেৰিকাৰ নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাই নহয়, আমেৰিকাৰ বিশ্ব নেতৃত্বৰ ভূমিকাও শক্তিশালী কৰিব ।
কংগ্ৰেছলৈ বাৰ্তা-
ট্ৰাম্পে কংগ্ৰেছক তেওঁৰ নীতিক সমৰ্থন কৰিবলৈ আৰু আমেৰিকাক শক্তিশালী আৰু সমৃদ্ধিশালী দেশ হিচাপে গঢ়ি তোলাত সহায় কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে এই সময়ত আমি একত্ৰিত হৈ দেশৰ স্বাৰ্থত কাম কৰিব লাগে আৰু আগন্তুক প্ৰজন্মৰ উন্নত ভৱিষ্যত নিশ্চিত কৰিব লাগে ।
কি ক’লে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ?
-আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে “আমেৰিকাৰ সপোন অজেয়“ । তেওঁ ৰিপাব্লিকান পাৰ্টিৰ জয়ৰ প্ৰশংসা কৰি বহু দশকত দেখা নোপোৱা আদেশ বুলি অভিহিত কৰে ।
-কংগ্ৰেছৰ যৌথ অধিৱেশনত ভাষণ দি ট্ৰাম্পে কয় যে এতিয়া আমেৰিকাত পুৰুষ আৰু মহিলা মাত্ৰ দুটা লিংগ থাকিব । মহিলা ক্ৰীড়াত পুৰুষৰ অংশগ্ৰহণ নিষেধাজ্ঞাৰ কথাও ঘোষণা কৰে তেওঁ ।
-ট্ৰাম্পে কয় যে তেওঁ মুক্ত বাক্যক প্ৰচাৰ কৰে আৰু ইংৰাজীক আমেৰিকাৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰে ।
-ট্ৰাম্পে ঘোষণা কৰে যে মেক্সিকো উপসাগৰৰ নাম সলনি কৰি এতিয়া গালফ অৱ আমেৰিকাৰ কৰা হৈছে ।
-ৰাষ্ট্ৰপতি ট্ৰাম্পে আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰে: “আমি লোৱা প্ৰতিটো নতুন সিদ্ধান্তৰ বাবে আমি ১০০টা পুৰণি সিদ্ধান্ত প্ৰত্যাহাৰ কৰিম ।”
-ট্ৰাম্পে বাইডেন চৰকাৰৰ সেই নীতিসমূহ বাতিল কৰাৰ কথা কয়, যিবোৰ তেওঁৰ মতে দেশৰ বাবে উপকাৰী নাছিল । পূৰ্বৰ প্ৰশাসনে চাৰি বছৰত কৰিব নোৱাৰা কাম তেওঁৰ চৰকাৰে ৪৩ দিনত কৰিলে বুলিও তেওঁ কয় ।
-ট্ৰাম্পে গৌৰৱেৰে কয় যে আমেৰিকা ঘূৰি আহিছে । এতিয়া আমেৰিকাৰ গৌৰৱ, আত্মা আৰু আত্মবিশ্বাস ঘূৰি আহিছে ।
-লগতে তেওঁ কয় যে এই ক্ষেত্ৰত ড’জে ডাঙৰ কাম কৰিছে আৰু তেওঁৰ চৰকাৰে বহু অৰ্থহীন নীতি বিলুপ্ত কৰিছে ।
-ট্ৰাম্পৰ ভাষণৰ পিছতে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিহত কৰিবলৈ ডেম’ক্ৰেটিক পাৰ্টিয়ে চিনেটৰ এলিছা স্লটকিনক মনোনীত কৰিছে ।
-২ এপ্ৰিলৰ পৰা ভাৰত আৰু চীনৰ বিৰুদ্ধে পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে ট্ৰাম্পে । ইয়াৰ পূৰ্বে আমেৰিকাই কানাডা আৰু মেক্সিকোৰ ওপৰত শুল্ক আৰোপ কৰিছিল । ট্ৰাম্পে কয় যে কানাডা, মেক্সিকো, ভাৰত আৰু দক্ষিণ কোৰিয়াই বহু শুল্ক আৰোপ কৰে । আমি ২ এপ্ৰিলৰ পৰা কানাডা, মেক্সিকো, চীন আৰু ভাৰতৰ ওপৰত পাৰস্পৰিক কৰ আৰোপ কৰিম । যিসকলে আমাৰ ওপৰত কৰ আৰোপ কৰে, আমিও তেওঁলোকৰ ওপৰত একে পৰিমাণৰ কৰ আৰোপ কৰিম ।