ইউটিউবত আপুনিও শ্বৰ্টছ বনাই নেকি ? যদি বনাই তেনেহলে ইউটিউবে শ্বৰ্টছ বনোৱা সকলৰ বাবে আনিছে এটা ভাল খবৰ ।
১৫ অক্টোবৰৰ পৰা ইউটিউবে স্বৰ্টছৰ দৈৰ্ঘ্য ৬০ ছেকেণ্ডৰ পৰা বৃদ্ধি কৰিব ৩ মিনিটলৈ । আগতে ইউটিউব শ্বৰ্টছে দ্ৰুত আৰু স্নেপী ভিডিঅ’বোৰৰ ওপৰত গুৰুত্ব দিছিল, যিবোৰ সাধাৰণতে এক মিনিটতকৈ কম আছিল ।
এই চুটি ভিডিঅ’বোৰে ইউটিউবক টিকটক আৰু ইনষ্টাগ্ৰাম ৰিলৰ দৰে অন্যান্য প্লেটফৰ্মৰ সৈতে প্ৰতিযোগিতা কৰাত সহায় কৰিছিল। ইউটিউবৰ এই সিদ্ধান্তই শ্বৰ্টছে নিৰ্মাতাসকলক আনন্দিত কৰিছে।