ঘৰুৱা শ্বেয়াৰ বজাৰ সামান্য হ্ৰাসৰ সৈতে আৰম্ভ হৈছিল, কিন্তু বজাৰ খোলাৰ ২০ মিনিটৰ ভিতৰত, চেনচেক্স আৰু নিফটি শক্তিশালীভাৱে হ্ৰাস পাইছে । হঠাতে আজি শ্বেয়াৰ বজাৰত ডাঙৰ খহনীয়া দেখিবলৈ পোৱা গৈছে । চেনচেক্স ৭৯,৭১৩.১৪ ত মুকলি হৈছিল, কিন্তু এতিয়া ১০০০ পইণ্টলৈ হ্ৰাস হৈ৭৮,৭১৯ হয় ।
একেদৰে, সোমবাৰে নিফটি ২৪,৩১৫.৭৫ পইণ্টত মুকলি হয়, কিন্তু এতিয়া ই ৩১৩ পইণ্টলৈ হ্ৰাস হৈ ২৩,৯৯০ পৰ্যন্ত পাইছে। চেক্টৰ্চসমূহৰ বিষয়ে ক’লে, সকলো চেক্টৰ্চই হ্ৰাস হৈ আহিছে। মিডিয়া খণ্ডত ২.৬৬ শতাংশ হ্ৰাস পাইছে আৰু তেল আৰু গেছ খণ্ডত ২.৪৭ শতাংশ হ্ৰাস দেখা গৈছে।