লোকসভাত আজি উত্থাপন হ’ল বহু চৰ্চিত ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক । ২৬৯ জন সাংসদে সদনত বিধেয়কখন উত্থাপন কৰাৰ প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ১৯৮ জন সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে । ইয়াৰ পিছতে উভয় সদনৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হয় বিধেয়কসমূহ ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শ অনুসৰি আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক এই বিধেয়কখন সংসদৰ যুটীয়া সমিতিলৈ বিস্তৃত আলোচনাৰ বাবে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাই ।
বিধেয়কখন জে পি চিলৈ কিয় প্ৰেৰণ কৰা হয় ?
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিধেয়কখন সন্দৰ্ভত লোকসভাত এটা বিবৃতি দিছে । লোকসভাত বিধেয়কখন সন্দৰ্ভত আলোচনাৰ সময়ত অমিত শ্বাহে কয়, “যেতিয়া এই সংবিধান সংশোধনী বিধেয়কখন কেবিনেটত আলোচনাৰ বাবে আহিছিল, প্ৰধানমন্ত্ৰীয়ে কৈছিল যে এইখন জে পি চিক দিয়া উচিত । সকলো স্তৰত এক বিতং আলোচনা হোৱা উচিত ।” অমিত শ্বাহে লগতে কয়, “এই কাৰণে, মই অনুভৱ কৰোঁ যে এই ক্ষেত্ৰত সদনৰ বেছি সময় ব্যয় নকৰাকৈ, যদি মন্ত্ৰীজনে কয় যে তেওঁ ইয়াক জে পি চিক হস্তান্তৰ কৰিবলৈ সাজু, তেন্তে সকলো আলোচনা জে পি চিত অনুষ্ঠিত হ’ব আৰু কেবিনেটে জে পি চি প্ৰতিবেদনৰ আধাৰত ইয়াক গৃহীত কৰিব, আনকি তেতিয়াও ইয়াক পুনৰ