তেলেগু ধাৰাবাহিক ‘মুদ্দুলক্ষ্মী’ত নিজৰ চৰিত্ৰৰ বাবে জনাজাত দূৰদৰ্শনৰ অভিনেতা চৰিত বালাপ্পাক যৌন নিৰ্যাতন, আক্ৰমণ, ধন দাবী আৰু অপৰাধমূলক ভাবুকিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।
২৯ বছৰীয়া এগৰাকী অভিনেত্ৰীয়ে অভিযোগ কৰিছিল যে বালাপ্পাই তেওঁক প্ৰেমৰ সম্পৰ্কত আহিবলৈ বাধ্য কৰিছিল। ইয়াৰ বাবে তেওঁৰ ব্যক্তিগত ফটো লিক কৰাৰ ভাবুকি দিছিল আৰু নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল।
আৰক্ষীয়ে ভাৰতীয় ন্যায়িক বিধিৰ অধীনত কেইবাটাও অপৰাধৰ কথা উল্লেখ কৰি গোচৰ ৰুজু কৰাৰ পিছত চৰিত বালাপ্পাক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে ১ বছৰ ধৰি চলি থকা ঘটনাবোৰৰ তদন্ত কৰি আছে।
চৰিত বালাপ্পাই কানাড়া আৰু তেলেগু ধাৰাবাহিকত অভিনয় কৰিছে, য’ত ‘মুদ্দুলক্ষ্মী’ অধিক চৰ্চিত হৈছে। চৰিত বালাপ্পাৰ বিৰুদ্ধে তেওঁৰ প্ৰেমিকাক যৌন নিৰ্যাতন কৰাৰ অভিযোগ আছে।
এগৰাকী অভিনেত্ৰীয়ে চৰিতক প্ৰবঞ্চনাৰ দ্বাৰা শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপন কৰিছে।
অভিনেত্ৰীগৰাকীৰ অভিযোগত, ভুক্তভোগীয়ে কৈছিল যে চৰিত বালাপ্পাই ধন নিদিলে অভিনেত্ৰী গৰাকীৰ ব্যক্তিগত ছবি আৰু ভিডিঅ’ লিক কৰাৰ ভাবুকি দিছিল।
তেওঁ অভিযোগত আৰু কৈছিল যে চৰিতক ২০১৭ চনত লগ পাইছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বেও চৰিতৰ বিৰুদ্ধে যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আছে।