একেৰাহে দুখন টি-২০ ইণ্টাৰনেশ্যনেল মেচত শূন্যত আউট হোৱা ভাৰতৰ ৬ গৰাকী শক্তিশালী বেটছমেন আছে । এই তালিকাত এনে ৬টা ডাঙৰ নাম সন্নিবিষ্ট হৈছে যে, অনুৰাগীসকলে তেওঁলোকৰ বিষয়ে জানি আচৰিত হ’ব । একেৰাহে দুখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শূন্যত আউট হোৱাটো এজন বেটছমেনৰ বাবে অতি হতাশাজনক আৰু দুখজনক । এজন বেটছমেনৰ বাবে এয়া দুঃস্বপ্ন হ’ব পাৰে । যিকোনো ক্ৰিকেটাৰে এই লজ্জাজনক অভিলেখৰ পৰা আঁতৰি থাকিব বিচাৰিব । একেৰাহে দুখন টি-২০ ইণ্টাৰনেশ্যনেল মেচত শূন্যত আউট হোৱা সেই ৬ জন ভাৰতীয় বেটছমেনৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক ।
আম্বাতি ৰায়ডু-
একেৰাহে দুখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শূন্যত আউট হোৱাৰ লজ্জাজনক অভিলেখ আছে আম্বাতি ৰায়ডুৰ । ২০১৫ চনৰ ২ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ধৰমশালা টি-২০ খেলত শূন্যত আউট হৈছিল আম্বাতি ৰায়ুডু । ইয়াৰ পিছত ২০১৫ চনৰ ৫ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা একেবাৰে পৰৱৰ্তী মেচখনত আম্বাতি ৰায়ুডুৱে নিজৰ একাউণ্ট নোখোলাকৈয়ে পেভিলিয়নলৈ উভতি আহিছিল ।
ৱাশ্বিংটন সুন্দৰ-
টীম ইণ্ডিয়াৰ অল ৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে একেৰাহে দুখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শূন্যত আউট হৈছে । ২০২০ চনৰ ১০ জানুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে পুনে টি-২০ খেলত শূন্যত আউট হৈছিল ৱাশ্বিংটন সুন্দৰ । ইয়াৰ পিছত ২০২০ চনৰ ৩১ জানুৱাৰীত নিউজীলেণ্ডৰ বিৰুদ্ধে ৱেলিংটন টি-২০ত অনুষ্ঠিত হোৱা একেবাৰে পৰৱৰ্তী মেচখনত ৱাশ্বিংটন সুন্দৰে নিজৰ একাউণ্ট নোখোলাকৈয়ে পেভিলিয়নলৈ উভতি আহিছিল ।
কে এল ৰাহুল-
একেৰাহে দুখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শূন্যত আউট হোৱাৰ লজ্জাজনক অভিলেখো আছে কে এল ৰাহুলৰ । ২০২১ চনৰ ১৪ মাৰ্চত ইংলেণ্ডৰ বিৰুদ্ধে আহমেদাবাদ টি-২০ খেলখনত কে এল ৰাহুল শূন্যত আউট হৈছিল । ইয়াৰ পিছত ২০২১ চনৰ ১৬ মাৰ্চত আহমেদাবাদ টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা একেবাৰে পৰৱৰ্তী মেচখনত কে এল ৰাহুলে নিজৰ একাউণ্ট নোখোলাকৈয়ে পেভিলিয়নলৈ উভতি আহিছিল ।
দীপক হুদা-
টিম ইণ্ডিয়াৰ অল ৰাউণ্ডাৰ দীপক হুদা একেৰাহে দুখন টি-২০ ইণ্টাৰনেশ্যনেল মেচত শূন্যত আউট হৈছে । ২০২২ চনৰ ৩০ অক্টোবৰত পাৰ্থত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শূন্যত আউট হৈছিল দীপক হুডা । ইয়াৰ পিছত ২০২২ চনৰ ২০ নৱেম্বৰত মাউণ্ট মাউংগানুই টি-২০ত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা একেবাৰে পৰৱৰ্তী মেচখনত দীপক হুডাই শূণ্যতে পেভিলিয়নলৈ উভতি আহে ।
ৰোহিত শৰ্মা-
একেৰাহে দুখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শূন্যত আউট হোৱাৰ লজ্জাজনক অভিলেখ আছে ৰোহিত শৰ্মাৰো । ২০২৪ চনৰ ১১ জানুৱাৰীত আফগানিস্তানৰ বিৰুদ্ধে মোহালী টি-২০ খেলখনত ৰোহিত শৰ্মা শূন্যত আউট হৈছিল । ইয়াৰ পিছত ২০২৪ চনৰ ১৪ জানুৱাৰীত ইন্দোৰ টি-২০ত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা পৰৱৰ্তী খেলখনত ৰোহিত শৰ্মাই একাউণ্ট নোখোলাকৈয়ে পেভিলিয়নলৈ উভতি আহিছিল ।
সঞ্জু ছেমচন-
একেৰাহে দুখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শূন্যত আউট হৈছে সঞ্জু ছেমচন । ২০২৪ চনৰ ১০ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গ্কাবেৰহা টি-২০ত সঞ্জু ছেমচন শূন্যত আউট হৈছিল । ইয়াৰ পিছত ২০২৪ চনৰ ১৩ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চেঞ্চুৰিয়ন টি-২০ত অনুষ্ঠিত হোৱা পৰৱৰ্তী মেচখনত সঞ্জু শূণ্যতে পেভিলিয়নমুখী হয় ।