ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ১৩ সংখ্যক মেচত আজি (১ এপ্ৰিল) লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মুখামুখি হ’ব পঞ্জাব কিংছ (পি বি কে এছ) । লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা দুয়োটা দলৰ মাজত এই খেলখন আৰম্ভ হ’ব । এই মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক হিচাপে থাকিব ঋষভ পন্ট । একে সময়তে পঞ্জাৱ কিংছৰ বাঘজৰী শ্ৰেয়াছ আয়েৰৰ হাতত থাকিব ।
দুয়োটা দলে শেষৰখন খেলত জয়লাভ কৰিছে-
এই মেচখন আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ (ঋষভ পন্ট) আৰু দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ (শ্ৰেয়াছ আয়াৰ)ৰ মাজত হ’ব । আই পি এল ২০২৫ৰ মেগা নিলামত ঋষভ পন্টক এল এছ জিয়ে ২৭ কোটি টকাত ক্ৰয় কৰাৰ বিপৰীতে শ্ৰেয়াছ আয়েৰে ২৬.৭৫ কোটি টকাত পঞ্জাব কিংছত যোগদান কৰে । চলিত আই পি এল ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছ (ডি চি)ৰ বিৰুদ্ধে এটা উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । অৱশ্যে লক্ষ্ণৌৱে পুনৰ প্ৰত্যাৱৰ্তন কৰি ঘৰুৱা খেলপথাৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ক ৫ উইকেটত পৰাস্ত কৰি একাউণ্ট মুকলি কৰে ।
আনহাতে, এই ছিজনত পাঞ্জাব কিংছে একমাত্ৰ মেচত গুজৰাট টাইটানছ (জি টি)ৰ বিৰুদ্ধে খেলিছিল, য’ত তেওঁলোকে ১১ ৰানত জয়লাভ কৰে । আজিৰ খেলখনত সকলোৰে দৃষ্টি থাকিব ঋষভ পন্টৰ ওপৰত, যিয়ে প্ৰথম দুখন মেচত বেটছমেন হিচাপে ব্যৰ্থ হোৱাৰ পিছত নিজৰ ডাঙৰ মূল্যৰ ন্যায্যতা প্ৰদান কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হ’ব । প্ৰথম দুখন মেচত পণ্টে শূন্য আৰু ১৫ ৰানহে কৰিবলৈ সক্ষম হয় । এই ছিজনত পঞ্জাৱ কিংছত যোগদান কৰা দিল্লী কেপিটেলছ (ডি চি)ৰ প্ৰাক্তন প্ৰশিক্ষক ৰিকি পণ্টিঙৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে পণ্ট মুখামুখি হ’ব ।
ইফালে ঋষভ পণ্টৰ দৰে বিপৰীতে পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ ফৰ্মত আছে । গুজৰাট টাইটানছৰ বিৰুদ্ধে ৪২টা বলত ৯৭ ৰানৰ অপৰাজিত মেচ বিজয়ী ইনিংছ খেলিছিল শ্ৰেয়াছে । আই পি এল বিজয়ী অধিনায়ক শ্ৰেয়াছে তিনি নম্বৰত বেটিং কৰি ভাল পায় আৰু তেওঁ এই ছন্দ অব্যাহত ৰাখিব বিচাৰে । শশাংক সিঙেও যোৱা ছিজনৰ পৰা নিজৰ উৎকৃষ্ট ফৰ্ম অক্ষুণ্ণ ৰাখিছে । আনহাতে প্ৰিয়ংশ আৰ্য্যই ২৩টা বলত ৪৭ ৰান সংগ্ৰহ কৰি আই পি এল কেৰিয়াৰৰ উজ্জ্বল আৰম্ভণি কৰে ।
পঞ্জাৱৰ হৈ বেগী বলাৰ অৰ্শদ্বীপ সিং আৰু ‘ইমপেক্ট চাব’ হিচাপে অহা মিডিয়াম পেচাৰ বিজয় কুমাৰ বৈশাখে উন্নত বলিং কৰিছে । ভাৰতীয় প্ৰবীণ লেগ স্পীনাৰ যুজবেন্দ্ৰ চাহালে পঞ্জাৱৰ স্পীন আক্ৰমণত নেতৃত্ব দিয়াৰ বিপৰীতে গ্লেন মেক্সৱেলেও প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্ছো আছে, যিসকল এই মুহূৰ্তত অতি উত্তম ফৰ্মত আছে ।
যদি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ শক্তিশালী বেটিং অৰ্ডাৰে ডাঙৰ স্ক’ৰ কৰে তেন্তে তেওঁলোকৰ ফলপ্ৰসূ লেগ স্পীনেৰে সফলতা প্ৰদান কৰাৰ দায়িত্ব ৰবি বিষ্ণয়ৰ ওপৰত পৰিব । তেওঁৰ সৈতে আছে লেগ স্পীনাৰ দিগবেশ ৰাথী, যিয়ে যোৱা বছৰ দিল্লী প্ৰিমিয়াৰ লীগৰ উদ্বোধনী ছিজনত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । আয়োজক দলটোৰ বাওঁহাতৰ স্পীনাৰ শ্বাহবাজ আহমেদকো খেলোৱাৰ বিকল্প আছে ।