এবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ধিঙৰ ছাবিনা বেগম । মাহগুৰি গাঁৱৰ ৰিজাবুল হুছেইনৰ লগত বিবাহৰ সময়ত যুৱতী গৰাকীৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে দিছিল সকলো সম্পত্তি । কিন্তু দৰাঘৰে বিচাৰিছিল এখন মটৰচাইকেল । আৰ্থিকভাৱে দুৰ্বল বোৱাৰী গৰাকীৰ পিতৃ-মাতৃয়ে দিনে নিশাই হাজিৰা কৰিও জোঁৱায়েক ৰিজাবুল হুছেইনক দিব নোৱাৰিলে মটৰচাইকেলখন। যাৰ বাবে বোৱাৰী গৰাকীক স্বামীৰ পৰিয়ালৰ লোকে নানা নিৰ্যাতন চলাই । তাৰ পিছতেই দেওবাৰৰ দিনা স্বামীৰ ঘৰতেই উদ্ধাৰ হ’ল বোৱাৰী গৰাকীৰ মৃতদেহ । পৰিয়ালৰ অভিযোগ শহুৰৰ ঘৰৰ লোকে বোৱাৰী গৰাকীক হত্যা কৰি দিছে আত্মহত্যাৰ ৰূপ । ঘটনাৰ সন্দৰ্ভত বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।
