২২ নৱেম্বৰৰ পৰা পাৰ্থত আৰম্ভ হ’ব বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী (বি জি টি) । যোৱা ৮ বছৰত এই ছিৰিজত অষ্ট্ৰেলিয়াক অতি প্ৰত্যাহ্বান দিছে ভাৰতে । কিন্তু এইবাৰ কাহিনী বেলেগ আৰু ভাৰতৰ এজন বা দুজন নহয় ৮জন খেলুৱৈ আছে যিয়ে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব । কম বয়সতে এইসকল ভয়ংকৰ খেলুৱৈ হৈ পৰিছে যদিও আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল কোনজন খেলুৱৈয়ে এই ভ্ৰমণত শ্ৰেষ্ঠ বুলি প্ৰমাণিত হ’ব ? ৮ জন খেলুৱৈৰ তালিকাত যশস্বী জয়ছোৱাল, ছৰফৰাজ খান আৰু ধ্ৰুৱ জুৰেলৰ দৰে ডাঙৰ নামো আছে, যাৰ ওপৰত অনুৰাগীয়ে চকু ৰাখিব ।
অভিজ্ঞতাৰ অভাৱ-
এতিয়ালৈকে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰা খেলুৱৈসকলে তাৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে জ্ঞাত । কিন্তু এইবাৰ অভিজ্ঞতাৰ অভাৱ হ’ব নে নাই সেয়া এক প্ৰশ্নবোধক চিহ্ন । ভাৰতীয় বেটছমেনৰ বাবে অষ্ট্ৰেলিয়াৰ পিটচ সদায় প্ৰত্যাহ্বানমূলক হৈ আহিছে যদিও ৮ জন খেলুৱৈৰ ভিতৰত একাংশই ডাঙৰ দলত আতংকৰ সৃষ্টি কৰিছে । যশস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল, ছৰফৰাজ খান, আকাশ দীপ আৰু প্ৰসিদ্ধ কৃষ্ণই টিম ইণ্ডিয়াৰ হৈ খেলিছে । কিন্তু ৩ গৰাকী খেলুৱৈও আছে যিয়ে এতিয়াও টিম ইণ্ডিয়াত অভিষেক ঘটাবও পৰা নাই । অভিমন্যু ইশ্বৰন, হৰ্ষিত ৰাণা, নীতিশ ৰেড্ডীৰ নাম এই তালিকাত আছে ।
নিৰ্বাচকসকলে লৈছে ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান ?
বলাৰসকলৰ ভিতৰত তাৰকা বলাৰ যশপ্ৰীত বুমৰাহে তেওঁৰ অভিজ্ঞতাৰে যুৱ খেলুৱৈসকলক সহায় কৰিব । বিৰাট, ৰোহিত, জাডেজা আদি তাৰকাও ভাৰতীয় যুৱসকলৰ বাবে গাইড হ’ব । ৰাহানে-পূজাৰাৰ দৰে প্ৰবীণ খেলুৱৈক দলত অন্তৰ্ভুক্ত নকৰাৰ বাবে নিৰ্বাচকসকলে ডাঙৰ ৰিস্ক লৈছে । টিম ইণ্ডিয়াৰ এই মাষ্টাৰ প্লেন সফল হয় নে নহয় সেয়া চাব লগীয়া হ’ব ।
জয়ছোৱাল, জুৰেল আৰু ছৰফৰাজৰ ওপৰত চকু-
টিম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ যশস্বী জয়ছোৱালে যোৱা বছৰ টিম ইণ্ডিয়াত টেষ্টত অভিষেক ঘটাই বিধ্বংসী ৰূপ ধাৰণ কৰিছিল । তেওঁ ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শন কৰিছিল । পূজাৰা আৰু ৰাহানেতকৈ কোনো গুণে কম নহয়, ছৰফৰাজ আৰু ধ্ৰুৱ জুৰেলৰ ওপৰতো গুৰুত্ব দিয়া হ’ব । অষ্ট্ৰেলিয়া এ-ৰ বিৰুদ্ধে ত্ৰুটিহীনভাৱে বেটিং কৰি জুৰেলে সকলোৰে হৃদয় জয় কৰিছিল, সেয়েহে প্লেয়িং একাদশত তেওঁৰ স্থান নিশ্চিত হোৱা যেন লাগে । জুৰেল আৰু জয়ছোৱালে নিজকে অষ্ট্ৰেলিয়াৰ নতুন ‘শত্ৰু’ বুলি প্ৰমাণ কৰিব পাৰে ।