জনপ্ৰিয় কণ্ঠশিল্পী অমল মালিকে ক্লিনিকেল ডিপ্ৰেছনত ভুগি থকাৰ সময়তে পৰিয়ালৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰাৰ কথা ঘোষণা কৰিছে।
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা আৱেগিক পোষ্টত অমালে বিগত কেইবছৰমানৰ পৰা সহ্য কৰা কষ্ট আৰু ভাতৃ আৰমান মালিকৰ সৈতে চলি থকা বিবাদৰ বিষয়ে মুকলিকৈ কৈছে, যাৰ বাবে তেওঁ পিতৃ-মাতৃক দোষাৰোপ কৰে।
তেওঁ কৈছিল যে এতিয়া তেওঁৰ পৰিয়ালৰ সৈতে সকলো কথা-বতৰা সম্পূৰ্ণৰূপে কামৰ ওপৰত হ’ব। সংগীত জগতত নিজৰ বাবে এক বিশেষ স্থান গঢ়ি তুলিবলৈ বহু বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি যোৱা দশকত ১২৬ টা সুৰ সৃষ্টি কৰা বুলিও অমলে কয়।
সকলো প্ৰচেষ্টা সত্ত্বেও তেওঁক পৰিয়ালে তুচ্ছজ্ঞান কৰি আহিছে, যাৰ ফলত তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰত ক্ষতিসাধন হৈছে আৰু আত্মবিশ্বাস কম হৈছে।
অমল মালিকে পিতৃ-মাতৃক দোষাৰোপ কৰি কয় যে তেওঁলোকৰ বাবেই তেওঁৰ আৰু ভাতৃ আৰমান মালিকৰ মাজত দূৰত্ব আছে।
আৱেগিক পোষ্টটোত তেওঁ লিখিছে, ‘মোৰ ভাইটিৰ বাবেই মোক চিনাকি নহয়… XYZ ৰ ভতিজা বা পুত্ৰ বুলি কোৱাৰ আখ্যান সলনি কৰিছো আৰু আজি মই যি হৈছো, মোৰ নিজাৰ বাবেহে হৈছো!
এই যাত্ৰা আমাৰ দুয়োৰে বাবে অসাধাৰণ,কিন্তু মাক দেউতাৰ বাবেই আমি ইজনে সিজনৰ পৰা বহু দূৰ হৈ গৈছো আৰু এই সকলোবোৰে মোক নিজৰ বাবে এই পদক্ষেপ ল’বলৈ বাধ্য কৰালে কাৰণ ই মোৰ হৃদয় ভাঙি পেলালে।
তেওঁ আৰু কয়, ‘কিন্তু আজি মই এনে এটা স্থানত থিয় হৈ আছো য’ত মোৰ শান্তি কাঢ়ি লোৱা হৈছে, মই আৱেগিকভাৱে ভাগৰি পৰিছো আৰু হয়তো আৰ্থিকভাৱেও ভাগৰি পৰিছো, কিন্তু সেয়া মোৰ চিন্তা নহয়।
আচলতে গুৰুত্বপূৰ্ণ কথাটো হ’ল এইবোৰৰ ফলত মই ক্লিনিকেল ডিপ্ৰেছনত ভুগিছো।হয়, মোৰ এই কাৰ্য্যৰ বাবে মই নিজকে দোষৰূপ কৰিছো।

কিন্তু মোৰ আত্মসন্মানক আঘাত কৰা পৰিয়ালে মোৰ আত্মবিশ্বাসক অগণনবাৰ ক্ষতিগ্ৰস্ত কৰিছে।’অমলে লগতে কয় যে তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত খঙৰ বাবে লোৱা হোৱা নাছিল বৰঞ্চ ই তেওঁৰ জীৱনটো ঠিক কৰি নতুনকৈ আৰম্ভ কৰাৰ প্ৰয়াসহে।
অৰমান মালিকৰ ভাতৃয়ে পোষ্টটোত ‘আজি গধুৰ হৃদয়েৰে… ঘোষণা কৰিছো যে এই ব্যক্তিগত সম্পৰ্কবোৰৰ পৰা আঁতৰি আহিছো। এতিয়াৰ পৰা পৰিয়ালৰ সৈতে মোৰ কথা-বতৰা সম্পূৰ্ণৰূপে কামৰ ওপৰত হ’ব।’
অৱশ্যে ভাইৰেল হোৱাৰ পিছত অমল মালিকে সামাজিক মাধ্যমৰ পৰা ইতিমধ্যে পোষ্টটো ডিলিট কৰিছে। অমল মালিকে এতিয়া তেওঁৰ পূৰ্বৰ বক্তব্য সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰি তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীছত এটা পোষ্ট শ্বেয়াৰ কৰিছে।
য’ত তেওঁ লিখিছে, “মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ, ইয়াৰ অৰ্থ সঁচাকৈয়ে বহুত, কিন্তু মই সকলোকে অনুৰোধ কৰিম যাতে মোৰ পৰিয়ালটোক হাৰাশাস্তি নকৰে… অনুগ্ৰহ কৰি মোৰ দুৰ্বলতাক চাঞ্চল্য কৰি নেতিবাচক শিৰোনাম নিদিব… সেয়া মোৰ অনুৰোধ।”