ভাৰতীয় সৌন্দৰ্য্যই আকৌ এবাৰ ফেশ্বন জগতত ইতিহাসৰ সৃষ্টি কৰিছে । পঞ্জাৱৰ কন্যা ৰাচেল গুপ্তাই মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল খিতাপ দখল কৰি ইতিহাস সলনি কৰিছে । ২০১৩ চনত থাইলেণ্ডত আৰম্ভ হোৱা এই সৌন্দৰ্য্য প্ৰতিযোগিতাত এতিয়ালৈকে কোনো ভাৰতীয় সুন্দৰী জয়ী হ’ব পৰা নাছিল । কিন্তু ২০২৪ চনত ৰাচেল গুপ্তাই খিতাপ লাভ কৰি ইতিহাস সলনি কৰিলে ।
৭০ খন দেশৰ সুন্দৰীয়ে এই মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল খিতাপত অংশগ্ৰহণ কৰিছিল । এই প্ৰতিযোগিতাৰ বিজয়ীৰ নাম শুকুৰবাৰে ঘোষণা কৰা হৈছিল । আয়োজকসকলে ৰাচেল গুপ্তাৰ বিষয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । য’ত ৰাচেল গুপ্তা আৰু ভাৰতক অভিনন্দন জনোৱা হৈছে ।
বিজয়ী, প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপ-
২০২৩ চনৰ বিজয়ী লুচিয়ানা ফেষ্টাৰে ৰাচেল গুপ্তাক বিজয়ীৰ মুকুট প্ৰদান কৰে । এই অনুষ্ঠান থাইলেণ্ডত অনুষ্ঠিত হৈছিল । ফিলিপাইনছৰ সুন্দৰী ক্ৰীষ্টিন জুলিয়ান অপিয়েজাই প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰে । আনহাতে ম্যানমাৰৰ সুন্দৰী প্ৰতিযোগীগৰাকীয়ে দ্বিতীয় ৰানাৰ্ছ আপৰল খিতাপ খল কৰে ।
কি ক’লে ৰাচেল গুপ্তাই ?
এই ভাল খবৰৰ বিষয়ে ৰাচেল গুপ্তাইও পোষ্ট কৰিছে । তেওঁ লিখিছে যে অৱশেষত আমি কৰিলোঁ । আজি এয়া এক ঐতিহাসিক জয় । মোক বিশ্বাস কৰা সকলক বহুত বহুত ধন্যবাদ । প্ৰতিশ্ৰুতি দিছো আপোনালোকক নিৰাশ নকৰো । এনে ভাল কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ ।
ৰাচেল গুপ্তা কোন ?
ইয়াৰ পূৰ্বে ২০ বছৰীয়া ৰাচেল গুপ্তাই ২০২২ চনত মিছ ছুপাৰ টেলেণ্ট অৱ দ্য ৱৰ্ল্ডৰ খিতাপো লাভ কৰিছিল । ৰাচেল গুপ্তা জলন্ধাৰৰ বাসিন্দা । এগৰাকী সফল মডেল হোৱাৰ উপৰিও তেওঁ এগৰাকী উদ্যোগপতিও । ছচিয়েল মিডিয়াতো অতি সক্ৰিয় । য’ত তেওঁৰ ১০ লাখ অনুৰাগী আছে ।