বৰ্তমান আয়াৰলেণ্ডৰ মহিলা ক্ৰিকেট দল ভাৰত ভ্ৰমণত আছে । য’ত দুয়োটা দলৰ মাজত চলি আছে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা । ১৫ জানুৱাৰী, বুধবাৰে ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত হয় শৃংখলাৰ অন্তিমখন খেল । য’ত ভাৰতীয় মহিলা ক্ৰিকেট দলে শক্তিশালী বেটিঙেৰে ইতিহাস ৰচনা কৰে । এই মেচত এদিনীয়া ফৰ্মেটত ৪০০ ৰান অতিক্ৰম কৰা বিশ্বৰ তৃতীয়টো দল হিচাপে পৰিগণিত হয় ভাৰতীয় মহিলা দলটো ।
আপুনি জানি আচৰিত হ’ব যে মহিলাৰ এদিনীয়া ক্ৰিকেটত এই বৰ্তমানলৈকে তিনিটা দলে ৬বাৰ ৪০০ৰ সীমা অতিক্ৰম কৰিছে । ইয়াত সৰ্বাধিক ৪০০ ৰান সংগ্ৰহ কৰাৰ বিশেষ অভিলেখ আছে নিউজীলেণ্ড মহিলা ক্ৰিকেট দলৰ নামত । দলটোৱে চাৰিবাৰ ৪০০ৰ সীমা অতিক্ৰম কৰিছে । ইয়াৰ পিছত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মহিলা দলে ক্ৰমে এবাৰকৈ এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে ।
আয়াৰলেণ্ডৰ বিৰুদ্ধে পূৰ্ণ গতিত চলিল প্রতীকা ৰাভাল আৰু অধিনায়ক স্মৃতি মন্ধানাৰ বেট-
বুধবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত অ’পেনাৰ প্ৰতীকা ৰাৱালৰ উপৰিও অধিনায়ক স্মৃতি মন্ধানা শক্তিশালী বেটিঙেৰে উজ্জ্বলি উঠে । ইনিংছৰ আৰম্ভণিতে ৰাৱালে ১১৯.৩৮ ষ্ট্ৰাইক ৰেটত ১২৯টা বলত ১৫৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । আনহাতে মন্ধানাই ১৬৮.৭৫ ষ্ট্ৰাইক ৰেটত ৮০টা বলত ১৩৫ ৰানৰ অৰিহণা যোগায় । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ১২টা চাৰি আৰু ৭টা আকৰ্ষণীয় ছয় দেখা গৈছিল ।
৪৩৬ ৰানৰ লক্ষ্য লাভ কৰে আয়াৰলেণ্ডে-
প্ৰতীকা ৰাৱাল আৰু অধিনায়ক স্মৃতি মন্ধানাৰ উপৰিও তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ অহা উইকেটকীপাৰ বেটছমেন ৰিচা ঘোষকো শেষৰখন খেলত ভাল ফৰ্মত দেখা যায় । দলটোৰ হৈ তেওঁ ৪২টা বলত ১৪০.৪৮ ষ্ট্ৰাইক ৰেটত ৫৯ ৰানৰ অৱদান আগবঢ়ায় । যাৰ বাবে টিম ইণ্ডিয়াই ৪০০ ৰান অতিক্ৰম কৰাত সফল হয় ।