ডিজিটেল ডেস্ক : ৩ অক্টোবৰৰ পৰা সংযুক্ত আৰৱ আমিৰশ্বাহী (UAE)ত আৰম্ভ হৈছে মহিলাৰ টি-২০ বিশ্বকাপ প্ৰতিযোগিতাখনৰ নৱম সংস্কৰণ । হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে শুকুৰবাৰে অৰ্থাৎ ৪ অক্টোবৰত তেওঁলোকৰ মহিলা টি-২০ বিশ্বকাপ ২০২৪ত অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে । ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ উপৰিও ট্ৰফী দখলৰ বাবে প্ৰতিযোগিতাখনৰ অন্যতম ফেভাৰিট দল হৈছে ভাৰত ।
ভাৰতে এইবাৰ প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত খেলা নাই । মহিলা টি-২০ বিশ্বকাপ ২০২৪ৰ শ্বাৰজাহত অনুষ্ঠিত আৰম্ভণিৰ মেচত প্ৰতিযোগিতাখনৰ আয়োজক বাংলাদেশৰ মুখামুখি হৈছে টুৰ্ণামেণ্টখনৰ নবাগত দল স্কটলেণ্ড।
প্ৰতিযোগিতাখনৰ এই নৱম সংস্কৰণত ১০ টা দল থাকিব, যাক দুটা গোটত বিভক্ত কৰা হৈছে- গ্ৰুপ এ আৰু গ্ৰুপ বি।
উল্লেখ্য যে, বাংলাদেশৰ ৰাজনৈতিক সংকটৰ বাবে প্ৰতিযোগিতাখন দেশখনৰ পৰা ইউ এ ইলৈ স্থানান্তৰিত কৰা হৈছিল। পলমকৈ স্থান পৰিৱৰ্তন হোৱা স্বত্বেও প্ৰতিযোগিতাখনত ১৮ দিনৰ ব্যৱধানত মুঠ ২৩ খন মেচ অনুষ্ঠিত হব।
২০ অক্টোবৰত অনুষ্ঠিত হৱ প্ৰতিযোগিতাখনৰ ফাইনেলত, য’ত নতুন টি-২০ বিশ্ব চেম্পিয়নে বিজয়ৰ মুকুট পিন্ধিব।
প্ৰতিযোগিতাখনত ভাৰতৰ ফিক্সাৰ, দল আৰু ক’ত তেওঁলোকৰ খেল চাব পাৰিব সেই বিষয়ে জানক-
মহিলা টি-২০ বিশ্বকাপ ২০২৪ গ্ৰুপ
গ্ৰুপ এ : অষ্ট্ৰেলিয়া, ভাৰত, নিউজীলেণ্ড, পাকিস্তান, শ্ৰীলংকা
গ্ৰুপ বি : বাংলাদেশ, ইংলেণ্ড, স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ
মহিলা টি-২০ বিশ্বকাপ : ইণ্ডিয়া স্কোৱাড
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা, শ্বেফালী বাৰ্মা, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগ’জ, ৰিচা ঘোষ, স্বস্তিকা ভাটিয়া, পূজা বস্ত্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেণুকা সিং ঠাকুৰ, দয়ালান হেমলতা, আশা শোভানা, ৰাধা যাদৱ, শ্ৰেয়াংকা পাটিল, সাজনা সাজীৱন ।
ট্ৰেভেলিং ৰিজাৰ্ভ : উমা চেত্ৰী (উইকেট কীপাৰ), তনুজা কানৱাৰ, চাইমা ঠাকুৰ
নন ট্ৰেভেলিং ৰিজাৰ্ভ : ৰাঘৱী বিষ্ট, প্ৰিয়া মিশ্ৰ
মহিলা টি-২০ বিশ্বকাপ : ভাৰতৰ সূচী
ভাৰত বনাম নিউজীলেণ্ড : ৪ অক্টোবৰ, সন্ধিয়া ৭.৩০ বজাত
ভাৰত বনাম পাকিস্তান : ৬ অক্টোবৰ, বিয়লি ৩.৩০ বজাত
ভাৰত বনাম শ্ৰীলংকা : ৯ অক্টোবৰ, সন্ধিয়া ৭.৩০ বজাত
ভাৰত বনাম অষ্ট্ৰেলিয়া : ১৩ অক্টোবৰ, সন্ধিয়া ৭.৩০ বজাত
মহিলা টি-২০ বিশ্বকাপ ২০২৪ ভাৰতত ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত সম্প্ৰচাৰ কৰা হ’ব। ইফালে এই প্ৰতিযোগিতাখনৰ লাইভ ষ্ট্ৰীমিং ডিজনী+ হটষ্টাৰ এপ আৰু ৱেবছাইটত উপলব্ধ হ’ব। প্ৰতিযোগিতাৰ বিজয়ী দলে পুৰস্কাৰ হিচাবে লাভ কৰিব ২.৩৪ নিযুত আমেৰিকান ডলাৰ ।