মেষ ৰাশি- কৰ্মদক্ষতাত সন্দেহ থাকিব। হৰ-গৌৰীক পূজা কৰক। বুদ্ধিৰ প্ৰসাৰ। আনৰ সমালোচনা কৰিবলৈ নাযাব।বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পূৰ্ণ সমৰ্থন দিব।নতুন সম্পত্তি ক্ৰয় কৰাৰ ইচ্ছা পূৰণ হ’ব। সন্তানৰ শুভ। চলি থকা কোনো আইনী সমস্যাত আপোনাৰ পক্ষে ৰায় আহিব। ব্যৱসায়ৰ ক্ষেত্ৰতো উন্নতি হ’ব।
বৃষ ৰাশি- কৰ্মত সফলতা প্ৰাপ্তি। আনৰ কথা শুনি মন বেয়া নকৰিব। শিৱ মন্দিৰ দৰ্শন কৰক। পৈত্তিক সম্পত্তি লাভ কৰিব।মন শান্ত হৈ থাকিব। পৰিয়ালৰ সকলোৰে পৰা সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰত কিছু চাপৰ সন্মুখীন হ’ব আৰু সেয়ে মানসিকভাৱে ভাৰাক্ৰান্ত হৈ থাকিব পাৰে। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে উপকৃত হ’ব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ শুভফল লাভ।
মিথুন ৰাশি- পৰোপকাৰ, সত্যবাদিতা কৰ্মনিষ্ঠা বৃদ্ধি পাব। ক্ষমতাত বলীয়ান নহ’ব। দৰিদ্ৰক গাখীৰ চেনী দান কৰক।দিনটো সমস্যাপূৰ্ণ হ’ব। স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। যিকোনো কামত খৰখেদা কৰাৰ পৰা বিৰত থাকক। সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। ব্যৱসায়ত সফলতা লাভ কৰিব।
কৰ্কট ৰাশি- মনৰ স্থিৰতা বৃদ্ধি পাব। আনক হিংসা নকৰিব। আজি নিৰামিষ খাদ্য খাব। অভিনয়ত দক্ষতা লাভ কৰিব। পৰিকল্পিত যিকোনো কামত আগবাঢ়িব পাৰিব। সন্তানক দিয়া প্ৰতিশ্ৰুতি পূৰণ হ’ব। আৰ্থিক দিশতো চিন্তা নাথাকিব। অৱশ্যে খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। ঘৰৰ সাজ-সজ্জাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব।প্ৰেমত যথেষ্ট শুভ। শিক্ষাৰ্থীৰ শুভ। সাহিত্য-সংস্কৃতিত কৃতিত্ব লাভ কৰিব।
সিংহ ৰাশি- সততা, সৰলতা আৰু নিৰ্ভীকতা বৃদ্ধি পাব। শ্ৰমৰ মৰ্যাদা পাব।পুৰণি ৰোগে কষ্ট দিব পাৰে। আনৰ উপকাৰ কৰক।ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। উপাৰ্জন বৃদ্ধিৰ বাবে পাৰিবাৰিক তথা ব্যক্তিগত জীৱনো সুখকৰ হৈ পৰিব। পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক সম্পৰ্কৰ সুখবৰ লাভ কৰিব। কোনো অপ্ৰয়োজনীয় কামত জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগিব।ৰাজনীতিকৰ দুশ্চিন্তা হ’ব পাৰে।
কন্যা ৰাশি- আজি গুৰু আপোনাৰ পক্ষত থাকিব। কথাত সংযম আৰু ব্যক্তিত্ব প্ৰকাশ পাব। আনক অপমান নকৰিব। খৰচৰ মাত্ৰা বৃদ্ধি পাব। শিক্ষাবিদসকলৰ সুনাম বৃদ্ধি পাব।বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে সকাহ পাব। লেনদেন কৰোঁতে সাৱধান হ’ব। কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু সাহসেৰে কাম কৰিলে সুফল লাভ কৰিব। শত্ৰুৰ দ্বাৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে এনে সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব।
তুলা ৰাশি- তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও ৰক্তচাপ আৰু চৰ্মৰ ৰোগীয়ে সাৱধানে চলা ভাল। মানসিক, পাৰিবাৰিক আৰু প্ৰেম প্রীতিত মধ্যমীয়া হ’ব। বিদ্যাৰ্থীৰ পৰীক্ষাৰ প্ৰস্তুতিত শুভ কাৰক হ’ব। সততা আৰু ধনবল বৃদ্ধি পাব। আজি কোনো কাৰণতে মদ্যপান নকৰিব।মহাদেৱৰ বৰদান লাভ কৰিব।কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ কৰিব লগা হ’ব। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব।
বৃশ্চিক ৰাশি- মনৰ পৰা দুৰ্বলতা ভাৱ আতৰিক। আত্মীয়ৰ ঘৰত মৰম পাব। বিবাহৰ সংযোগ আছে। উগ্ৰ সাহস প্ৰদৰ্শন নকৰিব।পাব লগা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। দূৰ ভ্ৰমণৰ সুযোগো আহিব। পিছে আজিৰ দিনটোত খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত দিনটো সুখকৰ হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামত আপোনাৰ বচ সুখী হ’ব।
ধনু ৰাশি- কাৰ্যসিদ্ধি হ’ব। কাৰোবাক কতা কওতে সংযম হ’ব।প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। আজিৰ দিনটোত আপোনাৰ মন উৎফুল্লিত হৈ থাকিব।চাকৰিৰ ক্ষেত্ৰত সুখবৰ লাভ কৰিব। তীৰ্থ ভ্ৰমণৰ যোগ আছে। অৱশ্যে কৰ্মক্ষেত্ৰত দিনটো ব্যস্ততাপূৰ্ণ হ’ব পাৰে। আনক মনোকষ্ট নিদিব। বিদ্যাত যশ বৃদ্ধি পাব। প্রেম-প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তা হ’ব পাৰে। বাহনৰ পৰা সাৱধানে থাকিব।
মকৰ ৰাশি- মনৰ স্থিৰতা বৃদ্ধি পাব। শাৰিৰীক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক। ভোলানাথৰ বিশেষ আৰ্শীবাদ লাভ কৰিব।মাতৃৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়া উচিত হ’ব। কোনো সুখকৰ খবৰ লাভ কৰিব পাৰে।আজি আমিষ খাদ্য নাখাব। অন্যথা বদহজম হ’ব পাৰে। ব্যৱসায়ত লাভান্বিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
কুম্ভ ৰাশি- মন উৎফুল্লিত হৈ থাকিব।যদি আপুনি কোনো আৰ্তজনক সহায় কৰাৰ সুযোগ লাভ কৰিছে, তেতিয়া বিনাদ্বিধাই আগবাঢ়ক। সুফল লাভ কৰিব। যিকোনো চিন্তনীয় কামত সঠিক বিবেচনা কৰিহে আগবাঢ়ক। পুৰণি কোনো লেনদেন নিষ্পত্তি হ’ব। ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব।বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ সন্মুখিন হ’ব।বিবাহিত সকলৰ সন্তান প্ৰাপ্তিৰ যোগ।
মীন ৰাশি- কৰ্মব্যস্ততা বৃদ্ধি পাব। চৰকাৰী আচনি লাভ কৰিব। নভবাকৈয়ে হাতলৈ ধন আহিব । প্ৰেমত বাধাৰ সন্মুখিন হ’ব পাৰে।সন্তানৰ পৰা আনন্দ লভিব। যিকোনো কৰ্মতে সফলতা লাভ কৰিব। পাৰিবাৰিক জীৱনত পত্নীৰ মতামতৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়া উচিত হ’ব। নেতিবাচক চিন্তা পৰিত্যাগ কৰক।কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত কষ্ট বৃদ্ধি পাব পাৰে