প্ৰয়াগৰাজত ‘মহাকুম্ভ ২০২৫’ৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। এই মেলালৈ অহা লাখ লাখ ভক্ত আৰু পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কিছুমান নতুন পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ, কুম্ভ মেলাত কাম কৰা চালক, নাবিক, গাইড আৰু কাৰ্ট অপাৰেটৰৰ বাবে বিশেষ ট্ৰেকচুট পিন্ধাৰ পৰিকল্পনা কৰা হৈছে।এই ট্ৰেকচ্যুটে কেৱল চিনাক্ত কৰাত সহজ কৰাই নহয়, পৰ্যটকসকলেও তেওঁলোকৰ পৰা সহায় প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। চাৰিওটা শ্ৰেণীৰ বাবে বিশেষ ট্ৰেকচ্যুট প্ৰস্তুত কৰা হৈছে। প্ৰশাসনে এই সিদ্ধান্ত টো এই কাৰণেই লৈছে যে মেলাত ব্যস্ততাৰ সময়ত, যাত্ৰীসকলে সহজে প্ৰয়োজনীয় সেৱা লাভ কৰিব পাৰে।চালক, নাবিক, গাইড আৰু জাম অপাৰেটৰ সকলৰ নিজা সুকীয়া পৰিচয় থাকিব, যাতে যাত্ৰীসকলে সহজে এই সেৱাবোৰ লাভ কৰিব পাৰে।প্ৰতিটো ট্ৰেকচুটত কুম্ভআৰু পৰ্যটন বিভাগৰ চিহ্ন খোদিত থাকিব। মহাকুম্ভৰ দৰে এই বিশাল মেলালৈ কোটি কোটি লোক আহে। এনে পৰিস্থিতিত সকলো ভালদৰে হৈ যাবৰ বাবেই লোৱা হৈছে এই সিদ্ধান্ত।