মহম্মদ ছামিৰ অনুৰাগীৰ বাবে আহিছে এটা বেয়া খবৰ।পুনৰ আঘাতপ্ৰাপ্ত মহম্মদ ছামি। ভাৰতীয় দ্ৰুত বলাৰ মহম্মদ ছামী গোৰোহাৰ আঘাতৰ বাবে যোৱা এবছৰ ধৰি ক্ৰিকেটৰ পৰা আঁতৰি আছে।তেওঁক শেষবাৰৰ বাবে বিশ্বকাপ ২০২৩ত বলিং কৰা দেখা গৈছিল।
পুনৰবাৰ আঘাতৰ ফলত জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ আশা ক্ষীণ হৈ পৰিছে ছামিৰ।অনুশীলনৰ সময়ত পুনৰ আঘাতপ্ৰাপ্ত হৈছে তাৰকা বলাৰ গৰাকী।
মাংসপেশীত দুখ পাইছে ছামিয়ে।২২ নৱেম্বৰৰৰ পৰা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত প্ৰত্যাৱৰ্তনৰ কথা আছিল ছামিৰ।এনে পৰিস্থিতিত, ৰঞ্জী আৰু বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত খেলাটো অতি কঠিন হৈ পৰিছে তাৰকা বলাৰ গৰাকীৰ। ছামিৰ এই খবৰে আশাহত কৰিছে কোটি কোটি অনুৰাগীক