২০২৩ চনৰ ৩ মে’ৰ পৰা চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে । মণিপুৰৰ সকলো শ্ৰেণীকে আগন্তুক নৱবৰ্ষত ক্ষমা কৰি অতীতক পাহৰি যোৱাৰ লগতে ভৱিষ্যতে শান্তি আৰু সম্প্ৰীতিৰ বাবে চেষ্টা চলাবলৈ আহ্বান জনায় । মঙলবাৰে ৰাজধানী ইম্ফলত থকা নিজৰ বাসগৃহত চৰকাৰৰ উন্নয়নমূলক কাম-কাজ আৰু সাফল্য আৰু আগন্তুক বছৰৰ পৰিকল্পনাৰ ওপৰত আলোকপাত কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সংবাদমেলত বীৰেণ সিঙে ঘোষণা কৰে যে বিমান যাত্ৰাৰ বাবে উচ্চ বিমান ভাড়াৰ সমস্যাৰ অন্ত পেলাবলৈ মণিপুৰ চৰকাৰে সুলভ মূল্যত এলায়েন্স এয়াৰ সেৱা আৰম্ভ কৰিব । ইয়াৰ অধীনত বিমান ভাড়া ৫ হাজাৰতকৈ অধিক নহ’ব । মণিপুৰ চৰকাৰে বিমান যাত্ৰা কৰা যাত্ৰীসকলক ভাড়াৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান কৰিব । ইম্ফল-গুৱাহাটী, ইম্ফল-কলকাতা আৰু ইম্ফল-ডিমাপুৰ পথত সপ্তাহত দুবাৰকৈ বিমান সেৱা চলিব ।
তেওঁ আৰু কয়, ‘মণিপুৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশতে অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ সন্মুখীন হৈছে । প্ৰয়োজনীয় ইনাৰ লাইন পাৰ্মিট অবিহনে ৰাজ্যত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত বায়’মেট্ৰিক পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত আছে । অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ অন্ত পেলাবলৈ ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব আধাৰ সম্পৰ্কীয় জন্ম পঞ্জীয়ন । প্ৰথম পৰ্যায়ত তিনিখন জিলাত এই ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব আৰু অহা বছৰৰ ১৫ জানুৱাৰীত এই ব্যৱস্থা আৰম্ভ কৰা হ’ব । জন্ম পঞ্জীয়ন বাধ্যতামূলক কৰা হ’ব আৰু প্ৰতি ৫ বছৰৰ মূৰে মূৰে আপডেট কৰিব লাগিব ।‘
২০৫৮ জন স্থানচ্যুত লোক ঘৰলৈ উভতি আহিছে-
তেওঁ কয়, ‘মণিপুৰৰ কিছু জিলাত ভোটাৰ তালিকাৰ ভোটাৰৰ সংখ্যা ৪২০% বৃদ্ধি ধৰা পৰাৰ পিছত এই ব্যৱস্থা কৰা হৈছে ।’ মণিপুৰত শান্তি ঘূৰাই অনাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ইম্ফল পশ্চিম, ইম্ফল পূব, কংপোকপি আৰু চুৰাচান্দপুৰ অঞ্চল সামৰি মুঠ ২০৫৮ টা স্থানচ্যুত পৰিয়ালক নিজৰ মূল ঘৰত সংস্থাপন কৰা হৈছে । ইয়াৰ উপৰিও মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত হিংসা ৰোধ কৰিবলৈ চৰকাৰে ক্ৰমে ২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইম্ফল-ডিমাপুৰ) আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (জিৰিবাম হৈ ইম্ফল-শিলচৰ)ত নিৰাপত্তাৰক্ষীৰ অতিৰিক্ত ১৭ আৰু ১৮টা কোম্পানী মোতায়েন কৰিছে । মুখ্যমন্ত্ৰী বীৰেণ সিঙে কয় যে ভাৰতীয় সেনা, চি আৰ পি এফ, বি এছ এফ আৰু ৰাজ্যিক আৰক্ষী জোৱান ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰাপত্তাৰ কামত নিয়োজিত হৈ আছে ।
মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পাহাৰ আৰু উপত্যকা জিলাৰ সীমান্তৱৰ্তী স্পৰ্শকাতৰ অঞ্চলত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ পিছত গুলীচালনাৰ ঘটনা কমি আহিছে । বীৰেন সিঙে কয়, ‘মণিপুৰত শান্তি ঘূৰাই অনা হৈছে আৰু ইয়াৰ একমাত্ৰ সমাধান হৈছে আলোচনা আৰু আলোচনা, যিটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে ।’ ৰাজ্যখনৰ অস্ত্ৰভাণ্ডাৰৰ পৰা লুটপাত কৰা প্ৰায় ৬ হাজাৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰীৰ ভিতৰত ৩ হাজাৰৰো অধিক অস্ত্ৰ উদ্ধাৰ কৰা হৈছে, ৬২৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মুঠ ১২,২৪৭ টা এফ আই আৰ পঞ্জীয়ন কৰা হৈছে ।