আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদায়ী ৰাষ্ট্ৰপতি জ’ বাইডেনে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰায় দুমাহ পিছত এটা ডাঙৰ মন্তব্য দি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বাইডেনে কৈছে যে তেওঁ নৱেম্বৰত হোৱা সাধাৰণ নিৰ্বাচনত ট্ৰাম্পক পৰাজিত কৰিব পাৰিলে হেঁতেন, কিন্তু ডেমক্ৰেটিক পাৰ্টিক একত্ৰিত কৰিবলৈ নিৰ্বাচনৰ মাজভাগত তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল।
ৰাষ্ট্ৰপতি নিৰ্বাচনত, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক বাইডেনৰ ঠাইত ডেমক্ৰেটিক পাৰ্টিৰ মনোনীত ব্যক্তি হিচাপে মনোনীত কৰা হৈছিল, যি ডনাল্ড ট্ৰাম্পৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল।
শুকুৰবাৰে হোৱাইট হাউচৰ সংবাদমেলত বাইডেনক সোধা হৈছিল যে, ” নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্তৰ বাবে আপুনি অনুতপ্ত নেকি?” আপুনি ভাবেনে যে ট্ৰাম্পক আপোনাৰ উত্তৰাধিকাৰী হোৱাৰ এটা সহজ সুযোগ দিছিল?”
এই প্ৰশ্নৰ উত্তৰত জ’ বাইডেনে কয় যে “মই ভাবো মই ট্ৰাম্পক পৰাস্ত কৰিব পাৰিলোহেঁতেন। মই ভাবো কমলাই ট্ৰাম্পক পৰাজিত কৰিব পাৰিলেহেঁতেন। দলটোক একত্ৰিত কৰাটো গুৰুত্বপূৰ্ণ আৰু যেতিয়া দলটো এইটো কথাত চিন্তিত আছিল যে মই আগবাঢ়িব পাৰিম নে নোৱাৰো, সেই সময়ত মই ভাবিছিলো যে দলটোক একত্ৰিত কৰাটো ভাল হ’ব” । কিন্তু মই ভাবিছিলো যে মই পুনৰ জিকিব পাৰিম। ’
উল্লেক্য যে জুন মাহত আটলাণ্টাত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীসকলৰ মাজত হোৱা বৈঠকখনত ৮২ বছৰীয়া বাইডেনে ভাল প্ৰদৰ্শন কৰা নাছিল।
বিতৰ্কৰ পিছত, বাইডেনৰ দলৰ লোকসকলে তেওঁৰ প্ৰাৰ্থিত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে আৰু শেষত, বাইডেনে ৰাষ্ট্ৰপতিপদৰ দৌৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়।
বাইডেনে ৰাষ্ট্ৰপতি দৌৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ পিছত, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক ডেমক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰা হয়।
অৱশ্যে, তেওঁ ট্ৰাম্পৰ হাতত পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল। সংবাদমেলত বাইডেনে লগতে কয় যে কমলা হেৰিছে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সক্ষম।
বাইডেনে লগতে কয় “মই ভাবো এইটো এনেএটা সিদ্ধান্ত যাৰ বিষয়ে তেওঁ পুনৰ ভাবিব পাৰে। তেওঁ ৪ বছৰৰ পিছত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সক্ষম। এই সিদ্ধান্তটো তেওঁয়েই ল’ব লাগিব’।
ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা বাইডেনে ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি পদ ত্যাগ কৰিব।আৰু ডনাল্ড ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব।