বিহাৰ মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪ত এতিয়ালৈকে ভাৰতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । ৰাজগীৰত চলি থকা প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলতো প্ৰৱেশ কৰিছে ভাৰতৰ মহিলা হকী দলটোৱে । ছেমি ফাইনেলত ভাৰতে জাপানৰ বিৰুদ্ধে খেলিব । এই খেলখন মঙলবাৰে অনুষ্ঠিত হ’ব । বিহাৰ মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব চীন আৰু মালয়েছিয়াৰ মাজত । এই খেলখনো মঙলবাৰে অনুষ্ঠিত হ’ব ।
ভাৰতীয় মহিলা হকী দলে ছালিমা টেটেৰ অধিনায়কত্বত এই প্ৰতিযোগিতাখন খেলিছে । ছালিমাৰ লগতে গ’লৰক্ষক সবিতা, জ্যোতি, সুশিলা চানু আৰু নেহাৰ উৎকৃষ্ট প্ৰদৰ্শন দেখা গৈছে । শৰ্মিলা আৰু সংগীতা কুমাৰীয়েও নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । এতিয়া ভাৰতে ছেমি ফাইনেলত জাপানৰ বিৰুদ্ধে খেলিব । গ্ৰুপ মেচখনত টিম ইণ্ডিয়াই জাপানক বেয়াকৈ পৰাস্ত কৰিছিল । এখন খেলত ভাৰতে ০-৩ গ’লত জয়লাভ কৰিছিল ।
বিহাৰ মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪ৰ প্ৰথমখন ছেমি ফাইনেল মেচ চীন আৰু মালয়েছিয়াৰ মাজত অনুষ্ঠিত হ’ব । এই মেচৰ পূৰ্বে পঞ্চম আৰু ষষ্ঠ স্থানৰ বাবে কোৰিয়া আৰু থাইলেণ্ডৰ মাজত সংঘৰ্ষ হ’ব । প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অহা ২০ নৱেম্বৰত অৰ্থাৎ বুধবাৰে অনুষ্ঠিত হ’ব । এই আটাইকেইখন খেল বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হ’ব ।