৮ৰ পৰা ১০ ডিচেম্বৰলৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়া ভ্ৰমণ কৰিব । তেওঁৰ ভ্ৰমণৰ পূৰ্বে ৰাছিয়াৰ সংবাদ সংস্থা স্পুটনিকে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰৰ এক ভিডিঅ’ এক্স হেণ্ডেলত পোষ্ট কৰিছে । কেপচনত লিখা আছে ‘India’s TOP 5 nuclear-capable missiles that pack a punch…Watch them all in action’ ।
অগ্নি-৫ আই চি বি এম-১
অগ্নি-৫ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইলটো ডি আৰ ডি অ’ আৰু বি ডি এলৰ দ্বাৰা যুটীয়াভাৱে বিকশিত কৰা হৈছে । ইয়াৰ পৰিসৰ ৫০০০ কিলোমিটাৰ । ইয়াৰ ওজন ৫০,০০০ কিঃগ্ৰা । ই ১৭.৫ মিটাৰ দীঘল । ইয়াৰ ব্যাস হৈছে ২ মিটাৰ । ই ১৫০০ কিলোগ্ৰাম ওজনৰ পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পাৰে । এই মিছাইলে এক ছেকেণ্ডত ৮.১৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, অৰ্থাৎ ই শত্ৰুক ২৯,৪০১ কিঃমি/ঘণ্টা বেগত আঘাত কৰে । লঞ্চিঙৰ বাবে গ্ৰাউণ্ড মোবাইল লঞ্চাৰ ব্যৱহাৰ কৰা হয় । ইয়াক ট্ৰাকত যিকোনো ঠাইলৈ পথেৰে লৈ যাব পাৰি ।
ভাৰতৰ এই ক্ষেপণাস্ত্ৰই সমগ্ৰ এছিয়া, ইউৰোপ আৰু আফ্ৰিকাৰ কিছু অংশ আক্ৰমণ কৰাৰ সক্ষমতা ৰাখে । এই ক্ষেপণাস্ত্ৰৰ আটাইতকৈ বিশেষ কথাটো হ’ল ইয়াৰ MIRV প্ৰযুক্তি । এই প্ৰযুক্তিত এটা অস্ত্ৰৰ পৰিৱৰ্তে মিছাইলত লগোৱা ৱাৰহেডত একাধিক অস্ত্ৰ স্থাপন কৰিব পাৰি । অৰ্থাৎ এটা ক্ষেপণাস্ত্ৰই একেলগে একাধিক লক্ষ্যত আঘাত কৰিব পাৰে ।
ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল-
ই হৈছে ভাৰতৰ প্ৰথমটো ক্ৰুজ মিছাইল যি ভাৰতৰ তিনিওটা সেনাই ব্যৱহাৰ কৰে । ইয়াৰ বহুতো ভিন্নতা উপলব্ধ আছে । ৰেঞ্জ আৰু সঠিকতাৰ ক্ষেত্ৰতো ইয়াৰ শক্তি অনন্য । ভাৰতীয় বায়ুসেনাৰ অন্যতম বিপজ্জনক যুদ্ধ বিমান ছুখয়-৩০ এম কে আই । এই বিমানে শব্দৰ দুগুণ বেগেৰে উৰিব পাৰে । অৰ্থাৎ ঘণ্টাত ২,১২০ কিলোমিটাৰ গতিবেগত উৰিব পাৰে এই বিমানে । ইয়াৰ পৰিসৰ ৩,০০০ কিলোমিটাৰ । এই বিমানৰ পৰাও ব্ৰাহ্মছ মিছাইলৰ নতুন এয়াৰ লঞ্চ সংস্কৰণটো নিক্ষেপ কৰিব পৰা যায় ।
ভাৰতীয় বায়ুসেনাৰ ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ৫০০ কিলোমিটাৰ । ভৱিষ্যতে আন যুদ্ধ বিমানতো ইয়াক স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে । ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই বতাহত নিজৰ পথ সলনি কৰিবলৈ সক্ষম । আনকি চলন্ত লক্ষ্যকো ই ধ্বংস কৰে । ই ১০ মিটাৰ উচ্চতাত উৰণ কৰিবলৈ সক্ষম, অৰ্থাৎ শত্ৰুৰ ৰাডাৰে ইয়াক ধৰা পেলাব নোলাৰে ।
ই আন যিকোনো মিছাইল চিনাক্তকৰণ প্ৰণালীক ধূলি দিব পাৰে । ইয়াক ধ্বংস কৰাটো প্ৰায় অসম্ভৱ । ব্ৰাহ্মছ মিছাইল আমেৰিকান টমাহাক মিছাইলতকৈ দুগুণ দ্ৰুতগতিত উৰিব পাৰে । এই মিছাইলে ১২,০০ একক শক্তি উৎপন্ন কৰে, যি যিকোনো ডাঙৰ লক্ষ্য ধ্বংস কৰিব পাৰে ।
ব্ৰাহ্মছ মিছাইলৰ চাৰিটা নেভেল ভেৰিয়েন্টো আছে । প্ৰথমটো হ’ল যুদ্ধজাহাজৰ পৰা উৎক্ষেপণ কৰা এণ্টি-ছিপ ভেৰিয়েণ্ট, দ্বিতীয়টো হৈছে যুদ্ধজাহাজৰ পৰা উৎক্ষেপণ কৰা ভূমি লেণ্ড এটেক প্ৰকাৰ । এই দুয়োটা প্ৰকাৰ ইতিমধ্যে ভাৰতীয় নৌবাহিনীত কাৰ্যক্ষম হৈ আছে । তৃতীয়টো হৈছে চাবমেৰিনৰ পৰা উৎক্ষেপণ কৰা এণ্টি-শ্বিপ ভেৰিয়েণ্ট, যাক সফলতাৰে পৰীক্ষা কৰা হৈছে । চতুৰ্থটো হ’ল চাবমেৰিনৰ পৰা উৎক্ষেপণ কৰা লেণ্ড এটেক প্ৰকাৰ ।
কে-৪ এছ এল বিএম-
কে-৪ এছ এল বি এম মিছাইলৰ পৰিসৰ ৩৫০০ কিলোমিটাৰ । এই মিছাইলটোৰ বিশেষ বৈশিষ্ট্য হ’ল যে ই দেশখনক দ্বিতীয় আক্ৰমণ ক্ষমতা প্ৰদান কৰে । ইয়াৰ অৰ্থ হৈছে যে দেশৰ পাৰমাণৱিক ত্ৰায়াডে ভূমিৰ পৰিস্থিতি অনুকূল নহ’লে পানীৰ তলৰ পৰা চাবমেৰিন আক্ৰমণ কৰাৰ ক্ষমতা লাভ কৰে ।
কে-৪ এছ এল বি এম হৈছে চাবমেৰিনৰ পৰা উৎক্ষেপণ কৰা এক মধ্যৱৰ্তী পৰিসৰৰ পাৰমাণৱিক বেলিষ্টিক মিছাইল । এইটো নৌসেনাৰ আৰিহান্ট শ্ৰেণীৰ চাবমেৰিনত স্থাপন কৰা হৈছে । আগতে, ভাৰতীয় নৌসেনাই কে-১৫ ব্যৱহাৰ কৰি আছি। অৱশ্যে, কে-৪ হৈছে কে-১৫তকৈ এক উন্নত, অধিক সঠিক, কৌশলপূৰ্ণ আৰু সহজে কাৰ্যকৰী মিছাইল ।
আই এন এছ আৰিহান্ট আৰু আৰিঘাট চাবমেৰিনত চাৰিটা উলম্ব উৎক্ষেপণ ব্যৱস্থা আছে । যৰ পৰা ইয়াক উৎক্ষেপণ কৰিব পাৰি । এই ক্ষেপণাস্ত্ৰৰ ওজন ১৭ টন আৰু ইয়াৰ দৈৰ্ঘ ৩৯ ফুট । ইয়াৰ ব্যাস ৪.৩ মিটাৰ । ই ২৫০০ কিলোগ্ৰাম ওজনৰ কৌশলগত পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিবলৈ সক্ষম । এই দুটা পৰ্যায়ৰ ক্ষেপণাস্ত্ৰ চলিড ৰকেট মটৰত চলে । ইয়াৰ কাৰ্যকৰী পৰিসৰ ৪০০০ কিলোমিটাৰ ।
পৃথ্বী এছ আৰ বি এম-
পৃথ্বী-২ ক্ষেপণাস্ত্ৰৰ ষ্ট্ৰাইক ৰেঞ্জ ৩৫০ কিলোমিটাৰ । এই ক্ষেপণাস্ত্ৰ এটা ষ্টেজৰ লিকুইড ইন্ধন ক্ষেপণাস্ত্ৰ । ই ৫০০ৰ পৰা ১০০০ কিলোগ্ৰাম ওজনৰ গতানুগতিক বা পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পাৰে । ই শত্ৰুৰ এণ্টি বেলিষ্টিক মিছাইল প্ৰযুক্তিক ধূলি দিবলৈ সক্ষম । ভাৰতৰ সকলো ক্ষেপণাস্ত্ৰৰ ভিতৰত পৃথ্বী-২ ক্ষেপণাস্ত্ৰ আটাইতকৈ সৰু আৰু লঘু ক্ষেপণাস্ত্ৰ । ইয়াৰ ওজন ৪,৬০০ কিলোগ্ৰাম । দৈৰ্ঘ ৮.৫৬ মিটাৰ । ব্যাস ১১০ চে.মি.
কে-১৫ সাগৰিকা-
ভাৰতৰ অন্যতম পাৰমাণৱিক ক্ষেপণাস্ত্ৰ কে-১৫ সাগৰিকা, পাৰমাণৱিক ৱাৰহেড কঢ়িয়াব পৰাকৈ সক্ষম । ছাবমেৰিনৰ পৰা নিক্ষেপ কৰা এই ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ৭৫০-১৫০০ কিলোমিটাৰ । ভাৰতীয় সেনাত ইয়াৰ দুটা ভিন্নতা আছে । প্ৰথমটো স্থলভাগৰ পৰা নিক্ষেপ কৰিব পাৰি আৰু দ্বিতীয়টো চাবমেৰিনৰ পৰা নিক্ষে্প কৰা হয় । ইয়াৰ উপৰিও ইয়াৰ দুটা ভেৰিয়েন্ট নিৰ্মাণ কৰা হৈছে । বৰ্তমান ভাৰতীয় নৌসেনাইহে ইয়াক ব্যৱহাৰ কৰি আছে । ইয়াৰ ডিজাইন কৰিছে ডি আৰ ডি অ’ই । ইয়াৰ গতিবেগে ইয়াক অত্যন্ত মাৰাত্মক কৰি তোলে । ই ঘণ্টাত ৯,২৬০ কিলোমিটাৰ বেগত শত্ৰুৰ ফালে গতি কৰে ।
এই ক্ষেপণাস্ত্ৰৰ ওজন ৬-৭ টন । দৈৰ্ঘ ৩৩ ফুট আৰু ব্যাস ২.৪ ফুট । ই উচ্চ তীব্ৰতাসম্পন্ন বিস্ফোৰক বা পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম । ইয়াৰ দ্বিতীয় বিপজ্জনক গ্ৰাউণ্ড সংস্কৰণ হৈছে শৌৰ্য্য । ই হৈছে হাইপাৰছ’নিক মাটিৰ পৰা মাটিলৈ মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল ।