প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি ২০২৪-২৫ বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২৩,৬২২ কোটি টকা (প্ৰায় ২.৭৬ বিলিয়ন মাৰ্কিন ডলাৰ)ৰ অভিলেখ সৃষ্টি কৰিছে আৰু পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১২.০৪ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছে ।
২০২৯ৰ ভিতৰত ডাঙৰ লক্ষ্যত উপনীত হ’বলৈ সাজু ভাৰত-
ৰাজনাথ সিঙে কয় যে ভাৰতে ২০২৯ চনৰ ভিতৰত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত ৫০ হাজাৰ কোটি টকাৰ লক্ষ্যত উপনীত হ’বলৈ সাজু হৈছে । তেওঁ লগতে এই গুৰুত্বপূৰ্ণ সাফল্যৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে অভিনন্দন জনায় । এই বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪-২৫ চনত প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে ৪২.৮৫ শতাংশ ৰপ্তানি বৃদ্ধি কৰিছে, যিয়ে বিশ্ব বজাৰত ভাৰতীয় সামগ্ৰীৰ ক্ৰমাৎ গ্ৰহণযোগ্যতা আৰু বিশ্বৰ যোগান শৃংখলত দেশৰ প্ৰতিৰক্ষা উদ্যোগৰ অংশগ্ৰহণৰ প্ৰতিফলন ঘটায় ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰিসংখ্যা-
এই বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪-২৫ চনত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ড আৰু ডি পি এছ ইউ য়ে ক্ৰমে ১৫,২৩৩ কোটি আৰু ৮,৩৮৯ কোটি টকাৰ অৱদান আগবঢ়াইছে । ২০২৩-২৪ চনত এই সংখ্যা ক্ৰমে ১৫,২০৯ কোটি আৰু ৫,৮৭৪ কোটি টকা ।
মন্ত্ৰালয়ে লগতে কয় যে ভাৰত এতিয়া বহুলাংশে আমদানি নিৰ্ভৰশীল সামৰিক শক্তিৰ পৰা আত্মনিৰ্ভৰশীলতা আৰু থলুৱা উৎপাদনলৈ গতি কৰিছে । প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধিৰ বাবে ৮০খন দেশলৈ গোলাবাৰুদ, অস্ত্ৰ-শস্ত্ৰ, উপ-ব্যৱস্থা আৰু অন্যান্য সামগ্ৰী ৰপ্তানি কৰা হৈছে । ইয়াৰ উপৰিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ২০২৪-২৫ চনত ১৭৬২টা ৰপ্তানিৰ অনুমোদন জাৰি কৰা হৈছে, যিটো যোৱা বছৰৰ তুলনাত ১৭.৪ শতাংশ বৃদ্ধি ।