ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত যোৱা কেইদিনমানৰ পৰা প্ৰদূষণৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু AQI-এ ৩৫০ অতিক্ৰম কৰিছে । দিল্লীৰ বাহিৰেও দেশৰ বহু চহৰৰ মানুহে ‘অতি নিম্নমানৰ’ মানৰ বায়ু উশাহত ল’বলৈ বাধ্য হৈছে । কিন্তু, আপুনি জানেনে যে দেশৰ কিছুমান চহৰত এতিয়াও AQI ২৫ তকৈ কম । গতিকে, দেশৰ শীৰ্ষ ১০খন চহৰৰ নাম জানক, য’ত বায়ু আটাইতকৈ পৰিষ্কাৰ ।
কাকচিং-
বায়ুৰ গুণাগুণৰ ভিত্তিত আটাইতকৈ পৰিষ্কাৰ বায়ু থকা চহৰৰ তালিকাত ১০ নম্বৰ স্থানত আছে মণিপুৰৰ কাকচিং চহৰ ।
বেংগালুৰু-
দেশৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ বায়ু থকা চহৰৰ তালিকাত বেংগালুৰু ৯ নম্বৰত আছে ।

গেংটক-
বায়ুৰ গুণাগুণৰ ভিত্তিত ছিকিমৰ ৰাজধানী গেংটক ৮ নম্বৰত আছে ।
দাৱনাগেৰে-
কৰ্ণাটকৰ দাৱনাগেৰে চহৰৰ বতাহো যথেষ্ট পৰিষ্কাৰ আৰু ই তালিকাৰ ৭ নম্বৰত আছে ।
হৌচপেট-
এই চহৰখনৰো বায়ুৰ মানদণ্ড যথেষ্ঠ ভাল ।
বিষ্ণুপুৰ-
পশ্চিম বংগৰ বাংকুৰা জিলাৰ বিষ্ণুপুৰৰ বতাহো অতি পৰিষ্কাৰ আৰু পৰিষ্কাৰ চহৰৰ তালিকাত ৫ নম্বৰ স্থানত আছে ।
পাৰিগি-
তেলেংগানাৰ বিকাৰবাদ জিলাৰ পাৰিগি পৰিস্কাৰ বায়ু থকা চহৰৰ ভিতৰত অন্যতম ।
হিন্দুপুৰ-
দেশৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ বতাহ থকা চহৰৰ তালিকাত অন্ধ্ৰ প্ৰদেশৰ হিন্দুপুৰ তৃতীয় স্থানত আছে ।
আইজল-
দেশৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ বতাহ থকা আন এখন চহৰ হৈছে মিজোৰামৰ ৰাজধানী আইজল ।