প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী ২৫ ডিচেম্বৰত ভাৰতত প্ৰতি বছৰে সুশাসন দিৱস উদযাপন কৰা হয় । বাজপেয়ী তেওঁৰ দক্ষ প্ৰশাসন আৰু সুশাসনৰ প্ৰতি প্ৰতিশ্ৰুতিৰ বাবে জনাজাত আছিল । এই দিনটোত, চৰকাৰ আৰু বেচৰকাৰী সংগঠনবোৰে সুশাসন সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে, যাৰ উদ্দেশ্য হৈছে সুশাসনৰ গুৰুত্বৰ বিষয়ে লোকসকলক সজাগ কৰা আৰু চৰকাৰী প্ৰশাসনৰ দায়বদ্ধতাৰ বিষয়ে সজাগতা বিয়পোৱা । সমাজৰ কল্যাণ আৰু উন্নতিৰ বাবেও এই দিৱস উদযাপন কৰা হয় । এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ১০০ সংখ্যক জন্ম বাৰ্ষিকী দেশজুৰি পালন কৰা হৈছে ।
ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্ম হৈছিল ১৯২৪ চনৰ ২৫ ডিচেম্বৰত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত । ১৯৫৭ চনৰ পৰা তেওঁ সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । পঞ্চম, ষষ্ঠ আৰু সপ্তম লোকসভা আৰু তাৰ পিছত দশম, একাদশ, দ্বাদশ আৰু ত্ৰয়োদশ লোকসভালৈ তেওঁ নিৰ্বাচনত জয়লাভ কৰে । ইয়াৰ উপৰিও ১৯৬২ আৰু ১৯৮৬ চনত দুবাৰকৈ ৰাজ্যসভাৰ সদস্যও আছিল তেওঁ । ২০০৪ চনত তেওঁ একেৰাহে পঞ্চমবাৰৰ বাবে লক্ষ্ণৌৰ পৰা নিৰ্বাচনত জয়ী হৈ লোকসভালৈ নিৰ্বাচিত হৈছিল । তেওঁ তিনিটাকৈ কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল । প্ৰথমে ১৯৯৬ চনত ১৩ দিনৰ কাৰ্যকাল, তাৰ পিছত ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈ ১৩ মাহৰ কাৰ্যকাল , তাৰ পিছত ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈকে সম্পূৰ্ণ কাৰ্যকালত প্ৰধানমন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।
১৯৯২ চনত পদ্মবিভূষণ বঁটা লাভ কৰিছিল বাজপেয়ীয়ে । ২০১৫ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ সন্মানেৰে সন্মানিত হৈছিল তেওঁ । ২০১৮ চনৰ ১৬ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
সুশাসন দিৱসৰ ইতিহাসঃ ২০১৪ চনত মোদী চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকীক সুশাসন দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল । ই-গভৰ্নেন্স আৰু সুশাসনৰ নীতিৰ ওপৰত ভিত্তি কৰি সুশাসন দিৱস উদযাপন কৰা হয়, য’ত চৰকাৰী বিষয়া আৰু অন্যান্য অংশীদাৰসকলে বৈঠক আৰু আলোচনাত মিলিত হয় । আজিৰ দিনটোত আয়োজন কৰা এদিনীয়া প্ৰদৰ্শনীত চৰকাৰী আঁচনি, ই-গভৰ্নেন্স আৰু সুশাসনৰ তথ্য দিয়া হয় ।
২০২৪ চনৰ সুশাসন দিৱসৰ বিষয়বস্তু-
২০২৪ চনৰ সুশাসন দিৱসৰ বিষয়বস্তু একেবাৰে বেলেগকৈ ৰখা হৈছে যিয়ে সাধাৰণ মানুহৰ জীৱন সহজ কৰি তুলিছে । এইবাৰ সুশাসন দিৱস “প্ৰশাসন গাওঁ কি ওৰ”(Prashasan Gaon Ki Ore) শীৰ্ষক বিষয়বস্ত লৈ উদযাপন কৰা হৈছে ।
কিয় উদযাপন কৰা হয় সুশাসন দিৱস ?
জনসাধাৰণৰ কল্যাণ আৰু মংগল বৃদ্ধিৰ বাবে সুশাসন দিৱস পালন কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰী আৰু দেশৰ নাগৰিকক চৰকাৰৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে অৱগত কৰা । লগতে ভাৰতত সুশাসনৰ মিছন সম্পন্ন কৰিবলৈ ভাল আৰু ফলপ্ৰসূ নীতি ৰূপায়ণ কৰিব লাগিব । এই বিশেষ অনুষ্ঠানত কুইজ, লাইভ ইভেণ্ট, অৰিয়েণ্টেচন, চেমিনাৰ আদি কাৰ্যসূচীও আয়োজন কৰা হয় ।