জেমছ ৱেব স্পেচ টেলিস্কোপ ব্যৱহাৰ কৰি এজন ভাৰতীয় মূলৰ বিজ্ঞানীয়ে আমাৰ সৌৰজগতৰ বাহিৰৰ সম্ভাৱ্য জীৱনৰ আটাইতকৈ শক্তিশালী সংকেত লাভ কৰিছে।
তেওঁ এটা বহিঃগ্ৰহৰ বায়ুমণ্ডলত গেছৰ ৰাসায়নিক লেখ-জোখ ধৰা পেলাইছে যি কেৱল পৃথিৱীৰ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰাহে উৎপন্ন হয়।
জেমছ ৱেব মহাকাশ টেলিস্কোপ ব্যৱহাৰ কৰি, বিজ্ঞানীসকলে বহিঃগ্ৰহত সম্ভাৱ্য জীৱনৰ লক্ষণ আৱিষ্কাৰ কৰিছে।গ্ৰহটোৰ বায়ুমণ্ডলত দুটা গেছ – ডাইমিথাইল ছালফাইড (DMS) আৰু ডাইমিথাইল ডাইছালফাইড (DMDS) ধৰা পৰিছে, যি পৃথিৱীৰ জীৱিত জীৱই উৎপন্ন কৰে।
এই গ্ৰহটোৰ নাম-K2-18b। ইয়াত যি গেছ পোৱা গৈছে, সাগৰীয় শেলাইৰ পৰা পৃথিৱীত উৎপাদিত হয়।দুটা গেছ -ডিএমএছ আৰু ডিএমডিএছ- K2-18b নামকৰণ কৰা গ্ৰহটোৰ বায়ুমণ্ডলত পোৱা গৈছে।
এই গেছবোৰ পৃথিৱীৰ জীৱিত জীৱই উৎপন্ন কৰে, মূলতঃ অণুজীৱ যেনে সাগৰীয় ফাইটোপ্লাংকটন – শেলাই।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান প্ৰতিষ্ঠানত অধ্যয়নৰ সময়ত কয় যে এই গ্ৰহটো হয়তো অণুজীৱৰ দ্বাৰা ভৰপূৰ।
অৱশ্যে তেওঁলোকে জোৰ দি কয় যে ই প্ৰকৃত জীৱিত জীৱৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰা নাই, বৰঞ্চ ই এক সম্ভাৱ্য জৈৱ স্বাক্ষৰ। এইবোৰেই হ’ব পাৰে বাসযোগ্য বিদেশী পৃথিৱীৰ প্ৰথম লক্ষণ।
K2-18 b গ্ৰহটোৰ ভৰ পৃথিৱীতকৈ ৮.৬ গুণ বেছি। ইয়াৰ ব্যাস পৃথিৱীৰ ব্যাসতকৈ প্ৰায় ২.৬ গুণ ডাঙৰ। ই এটা ৰঙা বামন তৰাক প্ৰদক্ষিণ কৰে যিটো আমাৰ সূৰ্য্যতকৈ সৰু আৰু কম উজ্জ্বল।
মধুসুদনে কয় যে সৌৰজগতৰ বাহিৰৰ জীৱনৰ সন্ধানত এইটো এটা টাৰ্নিং পইণ্ট, য’ত আমি দেখুৱাইছো যে আমি বৰ্তমানৰ সঁজুলিৰ সৈতে বসবাসযোগ্য গ্ৰহতো জীৱনৰ চিন বিচাৰিব পাৰো।