ভাৰতবৰ্ষ ইয়াৰ চহকী ঐতিহ্য আৰু বিভিন্ন মহোৎসৱৰ বাবে জনাজাত । এই দেশত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে এনে কিছুমান মহোৎসৱ পালন কৰা হয় যিয়ে সকলোৰে হৃদয় স্পৰ্শ কৰে । আজি আমি আপোনাক ভাৰতৰ ১০ টা শীতকালীন মহোৎসৱৰ কথা ক’ম । এই শীতকালীন মহোৎসৱবোৰ দেখিলে অথবা ইয়াত অংশগ্ৰহণ কৰিলে প্ৰশংসা কৰাত নিজকে বাধা দিব নোৱাৰিব আপুনি ।
মেগনেটিক ফিল্ডছ ফেষ্টিভেল (Magnetic Fields Festival)-
এইবাৰ ৬ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব মেগনেটিক ফিল্ডছ ফেষ্টিভেলৰ দশম সংস্কৰণ । ৰাজস্থানৰ আলচিছাৰত উদযাপন কৰা হয় এই মহোৎসৱ । এই শীতকালীন মহোৎসৱ ওচৰৰ পৰা দেখাৰ এক নিজস্ব আনন্দ আছে ।
জয়ছেলমেৰ ডিজাৰ্ট ফেষ্টিভেল (Jaisalmer Desert Festival)-
জয়ছেলমেৰ ডিজাৰ্ট ফেষ্টিভেলক মাৰু মহোৎসৱ বুলিও জনা যায় । যোৱা কেইবছৰমানৰ পৰা ই ৰাজস্থানৰ মৰুভূমি অঞ্চলৰ এক প্ৰধান মহোৎসৱ হিচাপে আত্মপ্ৰকাশ কৰিছে । এই মহোৎসৱত তিনি দিনলৈকে নৃত্যৰ উপৰিও লোকসংগীত, কালবেলিয়া নৃত্য উপভোগ কৰিব পাৰিব ।
নাগালেণ্ড হৰ্ণবিল মহোৎসৱ-
নাগালেণ্ডৰ হৰ্ণবিল উৎসৱক উৎসৱৰ উৎসৱ বুলি কোৱা হয় । নাগালেণ্ডত প্ৰতি বছৰে ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ হৰ্ণবিল উৎসৱ পালন কৰা হয় । স্থানীয় চৰাইৰ হৰ্ণবিলৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে । ইয়াৰ মাজতে নাগালেণ্ডৰ বিভিন্ন জনগোষ্ঠীয়ে নিজৰ নিজৰ স্বকীয় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰে ।
NH7 উইকেণ্ডাৰ-
এইবাৰ ১৪-১৫ ডিচেম্বৰত NH7 Weekender উদযাপন কৰা হ’ব । এয়া ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া সংগীত অনুষ্ঠান । য’ত আৰ্চাৰ স্মিথৰ বাহিৰেও ৰফতাৰ, অমিত ত্ৰিবেদী, কিং আদিকে ধৰি বহু বিখ্যাত মুখে নিজৰ যাদু বিয়পাইছে ।
ৰাণ উৎসৱ (Rann Utsav)-
যদি আপুনি গুজৰাট অন্বেষণ কৰিব বিচাৰে তেন্তে ৰণ উৎসৱ আপোনাৰ তালিকাত থাকিব লাগে । এই উৎসৱ ১ ডিচেম্বৰৰ পৰা ধোৰধোত উদযাপন কৰা হৈছে । একে সময়তে ২৮ ফেব্ৰুৱাৰীলৈকে চলিব ৰণ উৎসৱ । ইয়াত ৰাণ অব কচ্চৰ বাহিৰেও গুজৰাটৰ স্থানীয় পৰম্পৰাৰ সৈতে পৰিচয় হোৱাৰ সুযোগ পোৱা যায় ।
লোহৰী-
প্ৰতি বছৰে ১৩ জানুৱাৰীত লোহৰী পালন কৰা হয় । ই উত্তৰ ভাৰতৰ অন্যতম দৰ্শনীয় শীতকালীন উৎসৱ । বিশেষকৈ পঞ্জাৱৰ মানুহে শীতকালৰ অন্ত আৰু ডাঙৰ দিনৰ আৰম্ভণিৰ সময়ত এই উৎসৱ উদযাপন কৰে । এই সময়ছোৱাত পৰম্পৰাগত লোকনৃত্য আৰু গীতসমূহ উপস্থাপন কৰা হয় ।
জয়পুৰ সাহিত্য মহোৎসৱ-
এইবাৰ জয়পুৰ সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে ৩০ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে । কোৱা হয় যে জয়পুৰ সাহিত্য মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আটাইতকৈ প্ৰতিভাশালী মনবোৰ এখন মঞ্চত একত্ৰিত হয় । এই সময়ছোৱাত বহু বিষয়ৰ ওপৰত আলোচনা কৰা হয় ।
হিমাচল উইন্টাৰ কাৰ্নিভাল-
এইবাৰ ২৪ ডিচেম্বৰৰ পৰা হিমাচল শীতকালীন কাৰ্নিভাল উদযাপন কৰা হব । এই উৎসৱত প্ৰদৰ্শিত হব হিমাচল প্ৰদেশৰ চহকী ঐতিহ্য । ইয়াত হিমাচল প্ৰদেশৰ ১২খন জিলাৰ শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে । ভাৰতৰ উত্তৰ অংশত হিমাচল উন্টাৰ কাৰ্নিভাল অতি বিখ্যাত । ইয়াৰ উপৰিও ভাৰতৰ বিভিন্ন প্ৰান্ত আৰু বিদেশৰ লোকেও ইয়াত অংশগ্ৰহণ কৰে ।