পৰ্বতঝোৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক বয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পৰ্বতঝোৰা বগৰিবাৰী আৰক্ষী থানা সন্মুখতেই এই পথ দুৰ্ঘটনাটো।
জানিব পৰা মতে ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 17 C 7959 নম্বৰৰ যাত্ৰীবাহি এখন আল্ট্ৰা বাছ আৰু বিপৰীত দিশৰ পৰা আহি থকা WB 63 B 2321 নম্বৰৰ বলেৰ’ পিকাপৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
দুৰ্ঘটনাটোৰ ফলত গুৰুতৰ ভাবে আহত হয় বলেৰ’ পিকাপৰ চালকজন।পিছত চালক জনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আল্ট্ৰা বাছখনৰ চালকজনৰ মতে থানাৰ সন্মুখত থকা বেৰিকেটৰ বাবেই সংঘটিত হ’ল দুৰ্ঘটনাটো।