দিছপুৰৰ বিধায়ক আৱাসত এক ভয়ংকৰ ঘটনাৱ সংঘটিত হৈছে।শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ বিধায়ক আৱাসত প্ৰচণ্ড মাৰপিট। সঞ্জীৱ গোহাঁই নামৰ ব্যক্তিজনে এজন লোকক প্ৰহাৰ কৰাৰ অভিযোগ।
ৰ’ডেৰে মূৰত প্ৰহাৰ ব্যক্তিগৰাকীক।প্ৰহাৰৰ ফলত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ব্যক্তি গৰাকী। বৰ্তমানেও উদ্ধাৰ হোৱা নাই গুৰুতৰভাৱে আহত লোকজনৰ পৰিচয়। আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ঘটনাটোৰ সময়ত বলীন চেতিয়া বিধায়ক আৱাসত আছিল নে নাই সেই কথা অৱশ্যে জানিব পৰা হোৱা নাই। সঞ্জীৱ গোহাঁই আৰু আনজন ব্যক্তিৰ মাজত কি কথাক লৈ এই মাৰপিটৰ ঘটনা সংঘটিত হ’ল সেই কথা বৰ্তমানলৈকে পোহৰলৈ অহা নাই।