টীম ইণ্ডিয়া বৰ্তমান বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণত আছে। অৱশ্যে, দলৰ অধিনায়ক ৰোহিত শৰ্মা এতিয়াও ভাৰতত উপস্থিত আছে। কাৰণ পুনৰ তেওঁৰ ঘৰলৈ আহিছে সুখ।
ৰোহিত শৰ্মাৰ পত্নী ৰিতিকা সজদেহে এটা পুত্ৰ সন্তান জন্ম দিছে। ইয়াৰ বাবেই ৰোহিত এতিয়াও অষ্ট্ৰেলিয়ালৈ যোৱা নাই। দ্বিতীয়বাৰলৈ পিতৃ-মাতৃ হৈছে ৰোহিত শৰ্মা আৰু ৰিতিকা সজদেহ। পূৰ্বে তেওঁলোক দুয়োৰে এগৰাকী কন্যা সন্তান আছে। যাৰ নাম চামাইৰা।
অনুমান কৰা হৈছে যে ৰোহিত শৰ্মাই তেওঁৰ দ্বিতীয় সন্তানৰ বাবে প্ৰথম টেষ্ট মেচখন নেখেলিবও পাৰে। অৱশ্যে, অষ্ট্ৰেলিয়াৰ পাৰ্থত খেলা প্ৰথম খন টেষ্ট মেচৰ প্ৰায় ৬ দিন পূৰ্বেই ৰিতিকাই সন্তানটি জন্ম দিছে।
এনে পৰিস্থিতিত, ৰোহিত শৰ্মাৰ ওচৰত এতিয়া এই খেলখনৰ বাবে দলত যোগদান কৰিবলৈ সম্পূৰ্ণ সময় আছে। ৰোহিতে সোনকালেই অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব পাৰে।
Post Views: 372