লোকসভাত গৃহীত হ’ল বেংকিং সংশোধনী বিধেয়ক ২০২৪ । বিধেয়কখন দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াৰ ১৯টা সংশোধনীৰ বিষয়ে আলোচনা কৰে । এই বিধেয়কখন গৃহীত হোৱাৰ পিছত বেংক একাউণ্টধাৰীয়ে বেংক একাউণ্টৰ পৰা এফ ডিলৈ বহু পৰিৱৰ্তন দেখিব । গ্ৰাহকৰ সুবিধাৰ্থে আৰু বেংকিং ব্যৱস্থা আৰু অধিক সৰল কৰাৰ বাবে এই সংশোধনী গৃহীত কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ বেংকিং নিয়মৰ বৃহৎ পৰিৱৰ্তন হ’ব ।
এতিয়া ৪ জন নমিনি যোগ কৰিব পাৰিব-
লোকসভাত বেংকিং আইন সংশোধনী বিধেয়ক ২০২৪ গৃহীত হোৱাৰ পিছত একাউণ্টধাৰীয়ে তেওঁলোকৰ বেংক একাউণ্ট আৰু এফ ডিত এজনৰ সলনি ৪ জন নমিনি যোগ কৰাৰ অধিকাৰ লাভ কৰিব । এতিয়ালৈকে আপোনাৰ এফ ডি একাউণ্টত এজন মনোনীত ব্যক্তি যোগ কৰাৰ বিকল্প আছিল, কিন্তু এতিয়া এই বিধেয়কখন গৃহীত হোৱাৰ পিছত নমিনিৰ সংখ্যা ৪ লৈ বৃদ্ধি কৰা হৈছে । উল্লেখ্য যে এই নিয়মৰ পৰিৱৰ্তন যাতে দাবী নকৰা ধনৰাশি সঠিক উত্তৰাধিকাৰীৰ ওচৰ পায় তাৰ বাবে কৰা হৈছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ২০২৪ চনৰ মাৰ্চ পৰ্যন্ত প্ৰায় ৭৮ হাজাৰ কোটি টকা বেংকত দাবী নকৰা ধন পৰি আছে ।
নমিনি যোগ কৰিবলৈ এই দুটা বিকল্প উপলব্ধ হ’ব-
লোকসভাত গৃহীত বেংকিং আইন (সংশোধনী) বিধেয়ক ২০২৪ৰ অধীনত একাউণ্টধাৰীয়ে নিজৰ একাউণ্টত সৰ্বাধিক চাৰিজন নমিনি যোগ কৰিব পাৰিব । ইয়াৰ বাবে পদ্ধতি থাকিব । প্ৰথম পদ্ধতিৰ অধীনত সকলো নমিনিয়ে একেলগে ফিক্সড শ্বেয়াৰ দিব লাগিব । অৰ্থাৎ কাক কিমান শ্বেয়াৰ দিব সেইটো আপুনি সিদ্ধান্ত ল’ব পাৰে । সেই অনুসৰি তেওঁলোকৰ নাম যোগ কৰিব পাৰে ।
আন এটা উপায় হ’ল নমিনিসকলক ক্ৰম অনুসৰি ৰখা । এই পদ্ধতিত সকলোৱে ইজনৰ পিছত সিজনে টকা লাভ কৰিব । আপুনি আপোনাৰ সুবিধা অনুসৰি দুটা বিকল্পৰ যিকোনো এটা বাছি ল’ব পাৰে । নতুন নিয়মৰ জৰিয়তে একাউণ্টধাৰীৰ পৰিয়ালে ধন লাভ কৰাত সহজ হ’ব, আনহাতে বেংকিং প্ৰক্ৰিয়াত পলম হোৱাটোও হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।
কেন্দ্ৰীয় সমবায় বেংকে ৰাজ্যিক সমবায় বেংকতো কাম কৰিব পাৰিব-
নতুন বিধেয়ক অনুসৰি এতিয়া কেন্দ্ৰীয় সমবায় বেংকৰ সঞ্চালকসকলে ৰাজ্যিক সমবায় বেংকতো কাম কৰিব পাৰিব । বিধেয়কখনত সমবায় বেংকৰ সঞ্চালকৰ কাৰ্যকাল ৮ বছৰৰ পৰা ১০ বছৰলৈ বৃদ্ধি কৰা হৈছে । অৱশ্যে এই নিয়ম অধ্যক্ষ আৰু সম্পূৰ্ণকালীন পৰিচালকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব । এই বিধেয়কৰ অধীনত চৰকাৰী বেংকসমূহে অডিটৰৰ মাচুল নিৰ্ধাৰণ কৰাৰ লগতে শীৰ্ষ পৰ্যায়ৰ প্ৰতিভাক নিযুক্তি দিয়াৰ অধিকাৰ লাভ কৰিব ।
ৰিপৰ্ট দিয়াৰ নিয়ম সলনি হ’ব-
নতুন নিয়মৰ অধীনত বেংকসমূহে আৰ বি আইক প্ৰতিবেদন দাখিল কৰাৰ সময়সীমা সলনি কৰা হৈছে নতুন নিয়মৰ অধীনত এতিয়া বেংকসমূহে ১৫ দিন, এমাহৰ পিছত আৰু ত্ৰৈমাসিকৰ শেষত আৰ বি আইক প্ৰতিবেদন দাখিল কৰিব পাৰিব । বৰ্তমান বেংকে প্ৰতি শুকুৰবাৰে আৰ বি আইক ৰিপৰ্ট দিব লাগিছিল ।