আই পি এল ২০২৫ত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছ ৰ মাজত অনুষ্ঠিত হ’ব অষ্টমখন মেচ। এই খেলখন সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।
দুয়োটা দলে প্ৰথমখন মেচত জয়লাভ কৰি আজি খেলিব। প্ৰথমখন খেলত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰে আৰ চি বিয়ে। একে সময়তে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চেন্নাইৰ চি এছ কে প্ৰথমখন খেলত জয়লাভ কৰে।
আজিৰ খেলখনত আটাইতকৈ ৰোমাঞ্চকৰ যুঁজখন দেখা যাব বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনিৰ মাজত। এই পৰ্যন্ত আই পি এল ২০২৫ত উচ্চ স্ক’ৰিং মেচ দেখা গৈছে।
কিন্তু, চেন্নাইৰ পিটচ বেটছমেনসকলৰ বাবে এক প্ৰকৃত পৰীক্ষা।কাৰণ, ইয়াত বলটো বেটত ৰৈ যায় আৰু বেটছমেনসকলৰ বাবে শ্বট খেলাটো ইমান সহজ নহয়। ইয়াত চেন্নাই দলটোক সদায় শক্তিশালী দল বুলি গণ্য কৰা হৈছে। ইয়াত টছৰ ভূমিকাও গুৰুত্বপূৰ্ণ।
এই খেলপথাৰত অন্তিমখন খেলত চি এছ কেৰ অধিনায়ক ঋতুৰাজ গাইকৱাদে টছত জয়লাভ কৰি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা প্রথমখন খেলত প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৷
সমগ্ৰ মুম্বাই দলটোৱে ৯টা উইকেট হেৰুৱাই মাত্ৰ ১৫৫ ৰানহে কৰিবলৈ সক্ষম হৈছিল। লক্ষ্য খেদি খেদি চি এছ কেয়ে ৫টা বল বাকী থকা অৱস্থাত লক্ষ্যত উপনীত হয়।
আৰ চি বি আৰু চি এছ কেৰ মাজত অনুষ্ঠিত হোৱা খেলখনত টছত জয়ী হোৱা দলটোৱে লক্ষ্য খেদিব বিচাৰিব বুলিও বিশ্বাস কৰা হয়।